দুই সাংসদৰ উপস্থিতিত কাঁহিকুছিত "কৃষক সন্মান সন্মিলন" সম্পন্ন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 17 October 2022

demo-image

দুই সাংসদৰ উপস্থিতিত কাঁহিকুছিত "কৃষক সন্মান সন্মিলন" সম্পন্ন

Responsive Ads Here

 

IMG-20221017-WA0066

W7s news গুৱাহাটী  : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা  কাহিকুঁছিস্থিত  অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ  কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আজি নতুন দিল্লীৰ  ভিভে কৃষি বিজ্ঞান কেন্দ্রৰ চৌহদত  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰা   "কৃষক সন্মান সন্মিলন"ৰ লগত সংগতি ৰাখি   ৱেবকাচটিং যোগে কেন্দ্ৰৰ সভাগৃহত সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত  কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ  বিভিন্ন অঞ্চলৰ  পৰা অহা প্ৰায়  ৪০০ জন  কৃষক, মহিলা কৃষক, যুৱক- যুৱতীয়ে ভাগ লয় । সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত  বিশিষ্ট  অতিথি হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু ৰাজ্যসভাৰ  সাংসদ কামাখ্যা প্রসাদ টাচাই  ভাগ লৈ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দেশৰ কৃষক ৰাইজৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ চমুকৈ আলোকপাত কৰে । অনুষ্ঠানত গুৱাহাটীৰ আই. চি. এ. আৰ. আটাৰীৰ  সঞ্চালক  ড° ৰাজেশ কুমাৰ, বিজেপিৰ  কিষাণ মৰ্চাৰ  সাধাৰণ সম্পাদক নিবাৰণ লহকৰ,  কামৰূপ জিলা কৃষি বিষয়া ধীৰেন কাজি  নেওগ, উদানশস্য গৱেষণা কেন্দ্রৰ ভাৰপ্ৰাপ্ত মূখ্য বিজ্ঞানী যোগেশ নাথকে ধৰি  কেইবাজনো কৃষি  বিজ্ঞানী, ইফকো'ৰ কৰ্মকতা আৰু কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী তথা সমূহ বিশেষজ্ঞা, কৰ্মচাৰী, এপাৰ্ট প্রকল্পৰ কৰ্মচাৰী উপস্থিত আছিল ।আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° ধীৰেন্দ্ৰ  নাথ কলিতাই । উল্লেখযোগ্য যে  সাংসদদ্বয় কুইন  ওজা আৰু কামাখ্যা  টাচাই  উপস্থিত কৃষক সকলক বৈজ্ঞানিক পদ্ধতিৰে কৃষি আৰু আনুসংগিক দিশ, শস্যক্ৰম বৃদ্ধিৰ ন প্রয়োগ, নতুন ফলখেতিৰ সংযোজন আদি ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কৃষক ৰাইজক আহবান জনায়। আনহাতে অনুষ্ঠানৰ আঁত ধৰে  ড° ৰিতুপৰ্ণ শইকীয়াই । ইফালে নতুন  দিল্লীত অনুষ্ঠিত প্রধানমন্ত্রী কৃষক সন্মান সন্মিলনলৈ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ ফালৰ পৰা  ৮ জন কৃষক ক্ৰমে দিলীপ কলিতা, গোবিন্দ কলিতা, প্রদীপ দাস, ৰাকেশ ডেকা, লাল সিং ইংতি , হেমন্ত নাথ, বলেন বৈশ্য, উমা কলিতা আৰু দুই গৰাকী মহিলা বিভা দাস, ঊষা নাথ প্ৰেৰণ কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *