গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলক এডুকেশ্বন ৱৰ্ল্ড ইন্ডিয়া স্কুল ৰেংকিংছ , ২০২২-২৩ ৰ দ্বাৰা "কো-এড্ ডে’ স্কুল" বঁটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 October 2022

গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলক এডুকেশ্বন ৱৰ্ল্ড ইন্ডিয়া স্কুল ৰেংকিংছ , ২০২২-২৩ ৰ দ্বাৰা "কো-এড্ ডে’ স্কুল" বঁটা প্ৰদান


 

গুৱাহাটীৰ ভিতৰত ষষ্ঠ স্থান আৰু অসমৰ ভিতৰত সপ্তম স্থান দখল 



৪০০০ৰ অধিক বিদ্যালয় EWISR 2022-23ৰ দ্বাৰা স্থানাংকিত 


W7s newsগুৱাহাটী,:  এডুকেশ্বন ৱৰ্ল্ড ইন্ডিয়া স্কুল ৰেংকিংছ , ২০২২-২৩ ৰ গুৱাহাটীৰ কাহিলীপাৰাত অবস্থিত মডাৰ্ণ ইংলিছ স্কুলে "কো-এড্ ডে’ স্কুল" শিতানত গুৱাহাটী পৰ্যায়ত ষষ্ঠ আৰু ৰাজ্যিক পৰ্যায়ত সপ্তম স্থান লাভ কৰে। এই পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয় ১১ অক্টোবৰ, ২০২২ ৰ পৰা ১২ অক্টোবৰ, ২০২২ লৈ দিল্লীৰ গুৰুগ্ৰামত। বটাঁটি গ্ৰহণ কৰে বিদ্যালয়খনৰ অধ্যক্ষা  জোনালী দাস আৰু জেষ্ঠ সংযোগ নিৰ্দেশিকা  প্ৰিয়াংকা দাসে। ১৯৮৪ চনত প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খন এখন উচ্চতৰ মাধ্যমিক সহ- শিক্ষা বিদ্যালয় আৰু বিদ্যালয়খনৰ দীৰ্ঘকালীন সংস্কৃতি হৈছে প্ৰতিজন শিক্ষাৰ্থীৰ সৰ্ব দিশৰ উন্নতি আৰু তেওঁলোকৰ স্বপ্নবোৰক বাস্তৱত ৰূপান্তৰ কৰাত সহায় কৰা। বিদ্যালয়খন ৩ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিষ্ঠিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, বৰ্তমান অতি কমেও ১২০০ শিক্ষাৰ্থী আৰু প্ৰায় ৭০ জন  শিক্ষকেৰে পৰিপুষ্ট। বিদ্যালয়খনে এক গঠনমূলক আৰ্হিৰে ইয়াৰ পাঠ্যক্ৰম এনেভাৱে নিৰ্মাণ কৰিছে যিয়ে শিক্ষাৰ্থীসকলক শিক্ষাৰ প্ৰতি প্ৰেৰণা জগায়।  এই পাঠ্যক্ৰমত তেওঁলোকে ২১ শতিকাৰ কৰ্মদক্ষতা, যেনে দলবদ্ধ কাম, জটিল আৰু সৃজনশীল চিন্তা, সহযোগিতামূলক শিক্ষা আদিত গুৰুত্ব প্ৰদান কৰিছে। বিদ্যালয়খনৰ বিশেষজ্ঞ শিক্ষক, প্ৰকৃতি প্ৰেমীক বাতাৱৰণ, স্বাধীন চিন্তাক উৎসাহিত কৰা তথা প্ৰসাৰিত আধুনিক সুবিধাই  অন্য এক মাত্ৰা প্ৰদান কৰিছে। বঁটা লাভ কৰি বিদ্যালয়ৰ অধ্যক্ষা  জোনালী দাসে কয়, " এই সন্মান লাভ কৰি আমি খুব গৰ্বিত আৰু বিদ্যালয়খনৰ শিক্ষকসকলকে ধৰি সমগ্ৰ বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্থানাংকই আমাৰ নেৰানেপেৰা কথোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ দিয়ে। আমি বিশ্বাস কৰোঁ যে বিদ্যালয়সমূহ কেবল  পাঠ্যপুথিৰ শিক্ষাৰ মাধ্যম নহৈ সৰ্বাঙ্গীন বিকাশৰ স্থান হোৱা উচিত। আমি আৰু অধিক উন্নয়ন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ"। প্ৰায় ৪০০০ ৰো অধিক বিদ্যালয় EWISR ২০২২-২৩ৰ  দ্বাৰা স্থানাংকিত  হয়। এই প্ৰক্ৰিয়া এক গভীৰভাৱে সমাপন কৰা প্ৰক্ৰিয়া যত বিদ্যালয়সমূহ সাক্ষাৎকাৰৰ সন্মুখীন হবলগীয়া হয়, ইয়াত প্ৰায় ১৪০০০ হিতাধিকাৰী উপস্থিত থাকে। এই "দ্য এডুকেশ্বন ওৱৰ্ল্ড"-এ প্ৰতিবছৰে বাৰ্ষিক EWISRA প্ৰকাশ কৰে যত যোৱা ১৫ বছৰৰ দিল্লীস্থিত বজাৰৰ সমীক্ষা আৰু মতদান সন্নিৱিষ্ট থাকে।  এই সংস্থাই ভাৰতৰ অতি কমেও ৪০০০ অত্যাধুনিক বিদ্যালয়ক ১৪ টা দিশেৰে, যেনে শিক্ষাগত মান, নেতৃত্ব দানৰ মান, শিক্ষকৰ মান আদি বিশ্লেষণ কৰি স্থান প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here