স্বৰাঞ্জলিৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা (প্রাইজমানি) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 October 2022

স্বৰাঞ্জলিৰ উদ্যোগত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা (প্রাইজমানি)

 



W7s news গুৱাহাটী : সামাজিক সাংস্কৃতিক সংগঠন স্বৰাঞ্জলিৰ উদ্যোগত ১৬ অক্টোবৰৰ পুৱা ৯.০০ বজাত গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্রত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা (প্রাইজমানি)ৰ আয়োজন কৰা হৈছে। এই

প্রতিযোগিতা দুটা ভাগত ভাগ কৰা হৈছে 'ক' শাখাঃ পোন্ধৰ বছৰৰ তলৰ ল'ৰা ছোৱালী সকলৰ বাবে। 'খ' শাখাঃ পোন্ধৰ বছৰৰ ওপৰৰ শিল্পী সকলৰ বাবে। প্রতিযোগিতাৰ নিয়মাবলী সমূহ হ'ল'ক'' আৰু 'খ' শাখা জয়ন্ত হাজৰিকাৰ কণ্ঠৰ যিকোনো এটি গীত শুদ্ধকৈ পৰিৱেশন কৰিব লাগিব । প্রতিযোগীয়ে স্বৰাঞ্জলিৰ তৰফৰ পৰা দিয়া বাদ্যযন্ত্রী শিল্পীৰ লগত গীত পৰিৱেশন কৰিব পাৰিব। অৱশ্যে প্রতিযোগীয়ে লগত লৈ অহা বাদ্যযন্ত্রী শিল্পীৰ সৈতেও গীত পৰিবেশন কৰিব পাৰিব। প্ৰতিযোগীৰ সাজপাৰ মাৰ্জিত হব লাগিব । প্রতিযোগিতাৰ বাবে ভৰ্ত্তী মাচুল উভয় শাখাৰ বাবে ৫০০ টকা ধার্য কৰা হৈছে। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব বুলি এক বিবৃতিযোগে স্বৰাঞ্জলিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকাই জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here