W7s news গুৱাহাটী : দেশৰ আগশাৰীৰ আই টি ব্ৰেণ্ড ডেলে আজি গুৱাহাটীৰ জি এন বি ৰোডৰ শিলপুখুৰীত ডেল এক্সক্লুছিভ ষ্টোৰ মুকলি কৰে। কোম্পানীটোৰ আঞ্চলিক বিক্রী প্রবন্ধক বুদ্ধদিত্য চক্রৱতীয়ে ডেল এক্সক্লুছিভ ষ্টোৰ অনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্ধোধনী অনুষ্ঠানত ৰাশি পেৰিফেৰীয়েলছৰ শাখা মুৰব্বী ৰাজেশ আগৰৱাল, ৰেডিংটন ইণ্ডিয়া লিমিটেডৰ শাখা প্রবন্ধক মনজিৎ চৌধুৰী, চি এছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ ব্যৱসায়িক মুৰব্বী ৰাজশ্ৰী বেনাৰ্জী, চি এছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ বিপণন মুৰব্বী সাক্ষী শৰ্মা উপস্থিত থাকে। শিলপুখুৰীৰ এইটো ষ্টোৰ ডেলৰ প্ৰথম বিক্রী কেন্দ্র। চি এছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ সঞ্চালক বিজয় দুগাৰে কয় যে গ্ৰাহকৰ অভিজ্ঞতাৰ লগতে উপলব্ধতা, সেৱাযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই কেন্দ্ৰটো গুৱাহাটীৰ নাগৰিকৰ বাবে প্রিয় গন্তব্য স্থান হ'ব বুলি আশা প্রকাশ কৰে। ‘ডেল এক্সক্লুছিভ ষ্টোৰ ত প্রশিক্ষণপ্রাপ্ত কৰ্মচাৰী নিয়োজিত হৈ থকাৰ লগতে ডেলৰ সামগ্ৰী আৰু আনুসংগিক সামগ্ৰী উপলব্ধ কৰা হৈছে। গ্ৰাহকৰ অভিজ্ঞতাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সম্ভৱ সেৱা প্ৰদান কৰাই চি এছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ মূল লক্ষ্য। ৫০০ বর্গফুটত স্থাপিত ডেল এক্সক্লুছিভ ষ্টোৰত ডেলৰ সকলো ধৰণৰ আনুসংগিক সামগ্রীসহ ডেল লেপটপ, ডেস্কটপ, মনিটৰ সকলো শেহতীয়া মডেল উপলব্ধ হৈছে। এই এক্সক্লুছিভ ষ্টোৰত গ্ৰাহকসকলে অতি কম মূল্যত বিভিন্ন ডেলৰ সামগ্রী ক্রয় কৰিব পাৰিব। গ্ৰাহকসকলক বিভিন্ন ধৰণৰ অফাৰ, বিশেষজ্ঞৰ পৰামৰ্শ আৰু অন্যান্য তথ্য প্রযুক্তি সম্পৰ্কীয় সেৱা প্ৰদান কৰা হ'ব বুলি চি এছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ ব্যৱসায়িক মুৰব্বী ৰাজশ্ৰী বেনাৰ্জীয়ে উল্লেখ কৰে।
No comments:
Post a Comment