W7s news,,,*গুৱাহাটী,; গুৱাহাটীৰ স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে কৰ্কটৰোগৰ ৰবটিক ছাৰ্জাৰীৰ দিশত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান পৰ্যন্ত বিগত ২ বছৰত সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে এটি ৰবটৰ অধিকাৰী হিচাপে ৩০০ টাকৈ এনে ধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। যোৱা সপ্তাহত ৰবটিক কেন্সাৰ ছাৰ্জন ডাঃ অৰিন্দম বৰুৱাৰে গঠিত চিকিৎসকৰ এটি দলে প্ৰখ্যাত ৰবটিক ছাৰ্জন ডাঃ সুভাষ খান্নাৰ নেতৃত্বত মলাশয়ৰ এটি জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ইণ্টাৰ স্ফিনচেণ্ট্ৰিক ৰিজেকচন নামৰ এনে বিশেষ ধৰণৰ জটিল ৰবটিক অস্ত্ৰোপচাৰৰ জৰিয়তে একেবাৰে শয্যাশায়ী মুমূৰ্ষু ৰোগীকো সুস্থ কৰি তোলা সম্ভৱ বুলি হাস্পতালখনে প্ৰকাশ কৰিছে। পশ্চিমীয়া দেশত এনে অস্ত্ৰোপচাৰৰ সম্ভৱ যদিও বিশেষ ধৰণৰ জটিলতাৰ বাবে ভাৰতত নিচেই কমসংখ্যক কেন্দ্ৰতহে এনে অস্ত্ৰোপচাৰ কৰা হয় বুলিও প্ৰতিষ্ঠানখনে জনাইছে। তৰুণ প্ৰজন্মৰ মাজত ক্ৰমে বৃদ্ধি পাবলৈ ধৰা মলাশয়ৰ কৰ্কটৰোগত ৰোগীয়ে শৌচ কৰাৰ ক্ষেত্ৰত স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰিৱৰ্তে বিশেষ ধৰণৰ সঁজুলিৰ সহায় ল'বলগীয়া হয়। এনেধৰণৰ অস্ত্ৰোপচাৰৰ জৰিয়তে মলাশয়ক স্বাভাৱিক কৰি তুলি ৰোগীক সকাহ দিব পৰা যায়। ৰবটৰ জৰিয়তে লেপ্ৰস্ক'পিক পদ্ধতিৰে মলাশয়ৰ গভীৰলৈকে দৃষ্টিগোচৰ হোৱাৰ ফলত ৰবটিক ছাৰ্জাৰীৰ জৰিয়তে বহু পৰিমাণে নিখুঁতভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰা হয়। উল্লিখিত অস্ত্ৰোপচাৰৰ দলটোৱে ভৱিষ্যতেও এনেধৰণৰ জটিল ৰবটিক ছাৰ্জাৰী সম্পন্ন কৰি যোৱাৰ পৰিকল্পনা কযা বুলিও প্ৰকাশ কৰিছে।
No comments:
Post a Comment