অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 October 2022

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

 



সম্প্ৰসাৰণৰ বাবে ৩০০ কোটি টকা বিনিয়োগ

স্থাপন কৰিব আৰু ৪ টা নতুন কাৰখানা

নতুন শ্ৰেণী সামগ্ৰী মুকলি

এনচিআৰ, মধ্য প্ৰদেশ, ছত্তিশগড়, কৰ্ণাটক আৰু হায়দৰাবাদত আৰম্ভ কৰিব কাম

৩০০ কোটি টকাৰ PE Funding বাছনি


W7s news গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ বজাৰত সমাদৰ লাভ কৰা গুৱাহাটীস্থিত এফএমচিজি প্ৰমুখ অন্নপূৰ্ণা গ্ৰুপে পশ্চিম বংগত তেওঁলোকৰ গুৰুত্বপূৰ্ণ উপস্থিতি টনকিয়াল কৰিবলৈ চেষ্টা চলাই থকাৰ লগতে পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ আৰু যিবোৰ ৰাজ্যত তেওঁলোক উপস্থিত আছে, সেইবোৰত বজাৰৰ অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্য ৰাখিছে। 

অন্নপূৰ্ণা গ্রুপৰ গুৱাহাটী (মুখ্য কাৰ্যালয়), শিলিগুৰি আৰু কলকাতাত বৰ্তমান ৯০০ জনৰো অধিক পূৰ্ণ-সময়ৰ কৰ্মচাৰীয়ে কাম কৰি আছে আৰু দুগ্ধজাত, হেলথ ড্ৰিংক, ফ্ৰুট ড্ৰিংক, জুছ আৰু কৃষি-আধাৰিত সামগ্ৰীৰ দৰে এই পাঁচটা সমৃদ্ধ শ্ৰেণীৰ খাদ্যৰ প্ৰমুখৰূপে পৰিচিত এই গ্ৰুপে গ্ৰাহকক ক্ৰছ শাখাত গ্ৰাহকৰ সন্তুষ্টিৰ বাবে পৰম্পৰাগত আৰু আধুনিক ধাৰাৰ এক সন্মিলিত সংমিশ্রণ সামগ্ৰী বজাৰত মুকলি কৰি দিছে। ইতিমধ্যে ডায়েৰী শ্ৰেণী (Diary category)ৰ বজাৰত তেওঁলোকে গ্ৰাহকৰ ব্যাপক সমাদৰ লাভ কৰিছে আৰু তেওঁলোকৰ সামগ্ৰীবোৰৰ ভিতৰত লক্ষণীয় হৈছে অন্নপূৰ্ণা ঘিউ। ফাণ্ডাজ ফ্ৰুট ড্ৰিংকৰো উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মুখ্য উপস্থিতি আছে আৰু তেওঁলোকৰ নেমুৰ প্ৰকাৰটো (Lemon variant)হৈছে এই বজাৰৰ প্ৰতিষ্ঠিত মেগা ব্ৰেণ্ড। তেওঁলোকৰ আন ব্ৰেণ্ডবোৰৰ ভিতৰত আছে স্প্ৰিণ্ট (পেকেটযুক্ত খোৱা পানী আৰু ক্লাব চডা), ডিপটিপচ (চছ, স্প্ৰেড আৰু মছলা), ৱাণ্ডাৰগ্ৰাভি (এক তৈয়াৰী-ৰন্ধন সামগ্ৰী, যাৰ দ্বাৰা মাত্ৰ ১০ মিনিটত এটা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি), আচাৰ জাতীয় (Pickles), URBAN.ORNG (প্ৰাকৃতিকভাৱে চেপি ধৰা কমলা পানীয়), URBAN.HARVST (খাদ্যশস্য, মাহজাতীয় শস্য আৰু মচলা) আৰু কেফে ডেইৰী (লাচি, বাটাৰমিল্ক, ফ্লেভাৰ্ড মিল্ক আৰু মিল্ক শ্বেক)।

৩০০ কোটি টকাৰ এই গ্রুপে অধিক সময়  গৱেষণা আৰু বিকাশৰ ওপৰত কেন্দ্ৰীভূত কৰিছে আৰু তেওঁলোকে গ্রুপটো সম্প্ৰসাৰণৰ বাবে ২০২৫ চনৰ ভিতৰত নতুন বজাৰ, নতুন সামগ্ৰী বিকাশ আৰু বিপণন প্ৰচেষ্টাত (marketing initiatives) ৩০০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ ভিতৰত, উত্তৰ-পূবৰ বজাৰৰ বাবে নিৰ্ধাৰিত বিনিয়োগৰ পৰিমাণ হৈছে ১০০ কোটি টকা। এই সন্দৰ্ভত অন্নপূৰ্ণা গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ শ্ৰীযুত সুবীৰ ঘোষে কয়; " উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি শক্তিশালী কৰাৰ পিছত আমি আমাৰ উপস্থিতি পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত উপস্থিতি আৰু বজাৰৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব বিচাৰিছোঁ। আমি সোনকালেই আমাৰ কেইবাটাও সামগ্ৰী বজাৰত মুকলি কৰিম। ইয়াৰ ভিতৰত আছে জুছ, চছ আৰু ডিপছ (Dips)। এই সকলোবোৰৰ সৈতে অন্নপূৰ্ণাৰ অৰ্থ হৈছে বিশুদ্ধতাৰ ভাল সোৱাদ আৰু ট্ৰেডমাৰ্ক নিশ্চয়তা। ২০২৫ চনৰ ভিতৰত, আমি পৰিকল্পনা কৰিছো ভাৰতৰ সকলো ভৌগোলিক স্থানত আমাৰ উপস্থিতি নিশ্চিত কৰাটো। ৰপ্তানিৰ ক্ষেত্ৰতো গুৰুত্ব দি থকা হৈছে। নতুন শ্ৰেণীৰ সামগ্ৰীবোৰো গ্ৰাহকৰ সোৱাদ আৰু পছন্দৰ দিশত জনপ্ৰিয় হোৱাৰ বাবে আগবাঢ়ি আছে । তদুপৰি, আমি এটা নতুন পথ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছো,যি হৈছে আয়ুৰ্বেদ-আধাৰিত সামগ্ৰী আৰু এই খণ্ডটো তৈয়াৰ কৰাৰ বাবে শীঘ্ৰেই এটা নতুন একচেটিয়া কাৰখানা আৰম্ভ কৰা হ'ব। কোম্পানীটোৰ বৰ্তমান মূল্য ১০০০ কোটি টকা হোৱাৰ সৈতে আমি পুঁজি সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছো, ২০২৩ চনৰ শেষলৈ ব্যক্তিগত ইকুইটিৰ জৰিয়তে ৩০০ কোটি টকা আৰু শেষত ২০২৫ত আইপিঅ' লাভত গুৰুত্ব দিছোঁ।" 

বৰ্তমান অন্নপূৰ্ণা গ্রুপ তিনিটা কাৰখানা আছে, যাৰ সকলোবোৰ গুৱাহাটীত আছে আৰু এটা কাৰখানা আছে মিৰাটত। ২০২৫ চনৰ ভিতৰত আৰু ৪ টা কাৰখানা নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, যিসমূহ অসম, পশ্চিম বংগ, উত্তৰ আৰু দক্ষিণ ভাৰতত নিৰ্মাণ কৰা হ'ব। য'ত কোম্পানীটোৱে Beverages, Ayurvedic Products, Cereals and Food Grains উৎপাদন কৰিব। কোম্পানীটোৰ ফ্লেগশ্বিপ সামগ্ৰী অন্নপূৰ্ণা ঘিউৰ গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। ই দৃঢ়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত জনপ্ৰিয় হৈ আছে আৰু দ্ৰুতগতিত পশ্চিম বংগৰ মাৰ্কেট শ্বেয়াৰ লাভ কৰি আছে। বৰ্তমান ই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে ই-কমাৰ্চ ছাইটৰ জৰিয়তে উপলব্ধ হৈছে।

কোম্পানীটোৱে বিভিন্ন ধৰণৰ চছ, মছলা আৰু ডিপ্টিপচ ষ্টেটছ পুনৰ মুকলি কৰাৰ প্ৰক্ৰিয়াত আছে। ইয়াৰ বাবে এটা সৰল কিন্তু আকৰ্ষণীয় বিজ্ঞাপন আৰু সামাজিক মাধ্যমৰ সৈতে গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ প্ৰচাৰ চলাব। বৰ্তমান তেওঁলোকৰ সামগ্ৰী উপলব্ধ হৈ আছে ভাৰতৰ পূব অঞ্চলৰ ১২ খন ৰাজ্যত।কোম্পানীটোৱে এতিয়া এনচিআৰত প্ৰৱেশ কৰিব, পৰৱৰ্তী ১২-১৮ মাহৰ ভিতৰত মধ্য প্ৰদেশ, ছত্তিশগড়, কৰ্ণাটক আৰু হায়দৰাবাদত প্ৰৱেশ কৰিব।

এই সন্দৰ্ভত মিঃ ঘোষে আৰু কয়; "অন্নপূৰ্ণা গ্রুপৰ মানদণ্ড হৈছে প্ৰতিটো স্তৰত জীৱনৰ এক উপায় - বিশাল সংগ্ৰহৰ পৰা প্ৰক্ৰিয়াকৰণ আৰু বিতৰণ নেটৱৰ্ক, সৰ্বোচ্চ স্তৰৰ পৰিচ্ছন্নতা বজাই ৰখা। আমি অত্যাধুনিক যন্ত্ৰত নিৰ্মিত স্বয়ংক্ৰিয় যন্ত্ৰৰ পৰা উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী প্ৰস্তুত কৰা আন্তঃগাঁথনি প্ৰযুক্তি প্ৰক্ৰিয়াকৰণ ইউনিট। অন্নপূৰ্ণাই সদায় বিশ্বাস কৰি আহিছে যে পাকঘৰটো হৈছে প্ৰতিখন ঘৰৰ হৃদয়। ই পৰিয়ালটোক আহাৰৰ ওপৰত পুষ্টি, যত্ন আৰু একত্ৰিত কৰে। আমাৰ ৭০ বছৰ ধৰি ব্ৰেণ্ড দৰ্শন হৈছে সদায়ে গ্ৰাহকৰ "বিশুদ্ধতাৰ অধিকাৰ" পূৰণ কৰা।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here