W7s news গুৱাহাটীৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰত থলুৱা প্ৰযুক্তিৰে উন্নত মানৰ ই - ৰিক্সা আৰু পেট্ৰল - ডিজেল চালিত পাৱাৰ টিলাৰ নিৰ্মাণ কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বতাধিকাৰী , উদ্যোগী ব্যক্তি হিচাপে পৰিচিত কুমাৰ গৌৰৱক ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে অসমৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জিলা সমন্বয় আৰু নিৰীক্ষণ কমিটিৰ ( দিশা ) বেচৰকাৰী সদস্য পদৰ বাবে মনোনীত কৰিছে । মন্ত্ৰণালয়ৰ উপ-সচিব আৰ কে সিঙে ১২ অক্টোবৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা এখন চৰকাৰী পত্ৰত কুমাৰ গৌৰৱক 'দিশা'ৰ ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ বেচৰকাৰী সদস্য হিচাপে প্ৰতিনিধি মনোনীত কৰাৰ বিষয়ে অৱগত কৰা হৈছে । উল্লেখ্য, লোকসভাৰ সাংসদক অধ্যক্ষ, বিধায়কক সদস্য হিচাপে লৈ গঠন কৰা 'দিশা' কমিটিৰ মূল উদ্দেশ্য হৈছে কেন্দ্ৰীয় আঁচনিৰ ধনেৰে ৰাজ্যত চলি থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম - কাজ সমূহ সঠিক ৰূপত ৰূপায়িত হৈছে নে নাই , হিতাধিকাৰী সকলে আঁচনিৰ সা - সুবিধা সমূহ সঠিক ভাবে লাভ কৰিছে নে নাই তাৰ তদাৰক কৰা । উল্লেখযোগ্য যে ঝান্সীৰ বুন্দেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা ফাইনেন্স আৰু মাৰ্কেটিঙত প্ৰথম শ্ৰেণীত এম বি এ ডিগ্ৰী লাভ কৰা কুমাৰ গৌৰৱে ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড এডভান্স গ্লোবেলৰ পৰা তথ্য আৰু প্ৰযুক্তিবিদ্যাত ডিপ্লমা, কেনছিংটন বিশ্ববিদ্যালয়ৰ পৰা বি এছ ইঞ্জিনীয়াৰিঙত সুখ্যাতিৰে ডিগ্ৰী লাভ কৰিছে । বৰ্তমান জালুকবাৰী নিবাসী কুমাৰ গৌৰৱে ধাৰাপুৰত থকা তেওঁৰ উদ্যোগিক প্ৰতিষ্ঠানত ৰাজ্যৰ কৃষক, নিবনুৱা যুৱক - যুৱতীক কম মূল্যত কিদৰে উন্নতমানৰ ই - ৰিক্সা , পাৱাৰ টিলাৰ, কৃষিজাত সামগ্ৰী বা আন মালবাহী পৰিবহণ কৰা বাহন নিৰ্মাণ কৰি ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব পাৰি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
Post Top Ad
Responsive Ads Here
Monday, 17 October 2022

'দিশা'ৰ সদস্য পদত কুমাৰ গৌৰৱক মনোনীত
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment