এমাচিচৰ উদ্যোগত আন্তৰ্জাতিক সন্মিলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 14 October 2022

এমাচিচৰ উদ্যোগত আন্তৰ্জাতিক সন্মিলন

 



নেমকেয়াৰ হাস্পতালত কৰ্মশালা


W7s news ষ্টাফৰিপোৰ্টাৰ: পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত দা এছ'চিয়েচন অৱ দা মিনিমাল এছেছ চার্জনছ অৱ ইণ্ডিয়া(এমাচি) ৰ  উদ্যোগত  আৰু এছ'চিয়েছন অৱ চার্জনছ অৱ ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত হ'ব ১৭ সংখ্যক আন্তৰ্জাতিকসন্মিলন। এইবাৰ সন্মিলনখন ১৮ ৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীৰ আজাৰাস্থিত কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ'ব-শুকুৰবাৰে নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই। তেওঁ লগতে কয়-এই সন্মিলনত সমগ্ৰ বিশ্বৰ পৰা বিশেষজ্ঞ চিকিৎসক সকলে অংশগ্ৰহণ কৰিব। সমগ্ৰ বিশ্বৰ পৰা অহা শৈল‍্য চিকিৎসক সকলে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰিব। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বললোক সকলৰ বাবে এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে কাইলৈৰ পৰা অৰ্থাৎ প্ৰতি শনিবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ নেমকেয়াৰ হাস্পতালত বিনামূলীয়া অ' পি ডিৰ ব্যবস্থা কৰা হৈছে। প্ৰায় ৩০-৩৫ জন ৰোগীক নিৰ্বাচন কৰা হ'ব আৰু তিনিদিনীয়া এই সন্মিলনৰ কৰ্মশালাত লাইভ চাৰ্জাৰী কৰা হ'ব। লগতে নেমকেয়াৰ হাস্পতালত কৰ্মশালা অনুষ্ঠিত কৰা হ'ব।অসমৰ বাবে গৌৰৱৰ বিষয় যে  অসমৰ এই ধৰণৰ সন্মিলন অনুষ্ঠিত হ'ব।' সংবাদ মেলত এমাচিচৰ আয়োজক সমিতিৰ অধ্যক্ষ, বিশিষ্ট শৈল‍্য চিকিৎসক ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে কয় -এই সন্মিলনখনত অসম, ভাৰত, শ্ৰীলংকা, নেপাল,বাংলাদেশ আদিৰ বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰিব। এই সন্মিলনত ভাৰত তথা সমগ্ৰ বিশ্বৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ জৰিয়তে নৱপ্ৰজন্মৰ চার্জন সকলক চিকিৎসা বিজ্ঞানৰ নতুন নতুন প্ৰযুক্তিৰ বিষয়ে শিকাবলৈ প্রয়াস কৰা হ'ব। বিশেষকৈ ৰব'টিক চাৰ্জাৰী, লেপাৰ'স্কপি ক চার্জাৰী আদিৰ বিষয়ে বহলাই আলোচনা কৰা হ'ব। লগতে জনসজাগতা সৃষ্টি কৰা হ'ব।' সংবাদ মেলত বিশিষ্ট শৈল‍্য চিকিৎসক, ভাৰতীয় শৈল‍্য চিকিৎসা সন্থাৰ অসম শাখাৰ অধ্যক্ষ ডাঃ দীপক কুমাৰ শৰ্মা, নেমকেয়াৰ হাস্পতালৰ মেডিকেল ডাইৰে ক্টৰ ডাঃ মিহিৰ কুমাৰ বৰুৱা আৰু নেমকেয়াৰ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া প্রসূন চেতাৰ্জী উপস্থিত থাকি এই সন্মিলনখনৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here