নৰিয়া পাটীৰ পৰাই বিকৃত 'লভিতা'ৰ বিৰুদ্ধে স্বাক্ষৰ দিলে শিল্পী সুদক্ষিণা শৰ্মাই - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 14 October 2022

demo-image

নৰিয়া পাটীৰ পৰাই বিকৃত 'লভিতা'ৰ বিৰুদ্ধে স্বাক্ষৰ দিলে শিল্পী সুদক্ষিণা শৰ্মাই

Responsive Ads Here

 

W7s news গুৱাহাটী: ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত জীৱন শিল্পী জ্যোতিপ্ৰসাদৰ কালজয়ী নাটক 'লভিতা'ক অভিজিৎ ভট্টাচাৰ্যই বিকৃত কৰা আৰু প্ৰস্তুতি পৰাশৰে আবাহন থিয়েটাৰত বলপূৰ্বক ভাবে মঞ্চস্থ কৰাৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল গণস্বাক্ষৰ অভিযান।আজি বেদনাদায়ক ভাবে নৰিয়া দেহাৰে শিল্পী সুদক্ষিনা শৰ্মা, জ্যোতিপ্ৰসাদৰ জীয়ৰী জ্ঞানশ্ৰী আগৰৱালা পাঠক আৰু অসমৰ জাগ্ৰত বিবেক ডʼ হীৰেন গোহাঁইয়ে শুভাৰম্ভ কৰে ভাৰতীয় গণনাট্য সংঘৰ গণ স্বাক্ষৰ অভিযান।আজিৰে পৰা অসমৰ‌ প্ৰান্তে প্ৰান্তে সকলো ৰাইজক স্বাক্ষৰ সংগ্ৰহ অভিযানৰ মাজেদি ৰাইজক সজাগ সচেতন অভিযানত নামি পৰিবলৈ ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা বিনয়েৰে আহ্বান জনোৱা হৈছে।

 নিজ নিজ জিলাত গঢ়ি তোলা সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি দিব লগা স্মাৰক পত্ৰৰ লগত উক্ত স্বাক্ষৰ গাঠি দিব আৰু ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সমিতিলৈ এটা প্ৰতিলিপি প্ৰেৰণ কৰিব।

যোগাযোগ নম্বৰ ৭০৮৬৩৬৪৫২১ ,সোনেশ্বৰ নৰহ ,ৱাৰ্ড নং ১, বোকাখাত, জিলা : গোলাঘাট,অসমত  ২২ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই গণনাট্য সংঘই। জিলা সমূহৰ কাৰ্যসূচীৰ অন্তত গুৱাহাটীত বিস্তৃত নাগৰিক সভা, সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ কথা সদৰি কৰে ভাৰতীয় গণনাট্য সংঘই।

বিবৃতি প্ৰকাশ কৰিছে সভাপতি দূৰ্লভ চন্দ্ৰ মহন্ত, কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগ, প্ৰধান সম্পাদক বিপুল তালুকদাৰ,সহ সম্পাদক ধ্ৰুৱজ্যোতি বৰা আৰু আহ্বায়ক তথা উপ সভাপতি সোনেশ্বৰ নৰহে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *