নাট্যশিল্পী কেশৱ ডেকাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 October 2022

নাট্যশিল্পী কেশৱ ডেকাৰ মৃত্যু

 


খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ শোক 


W7s news গুৱাহাটী :  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  খানামূখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উপলক্ষে  ৮ অক্টোবৰত নিশা খানামুখ খেলপথাৰত অস্থায়ী মঞ্চত নাট পৰিবেশন কৰি থকাৰ সময়তে উচ্চচাপ ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ১২ অক্টোবৰত পুৱা  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।প্ৰবীণ অভিনেতা কেশৱ ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিয়ে । সমিতিৰ সভাপতি সত্য ভৰালী , কাৰ্যকৰী সভাপতি কেশৱ কলিতা , সাধাৰণ সম্পাদকদ্বয়  ৰুবুল বৈশ্য আৰু  তপন ঠাকুৰীয়াই কয় সিদিনা নিশা  ডেকাই নিজৰ বলিষ্ঠ অভিনয়ৰে  উপস্থিত প্ৰায় দুই হাজাৰৰো  অধিক দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল । কিন্তু  অভিনয় কৰি থকাৰ সময়তে তেওঁ অসুস্থ হৈ পৰে । এনে এজন শিল্পী, অভিনেতাৰ মৃত্যুয়ে  বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজক শোকাকুল কৰিছে।   তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰিছোঁ । উল্লেখ‍্য, সিদিনা নিশা  বৰপেটা জিলাৰ  সৰ্থেবাৰীৰ বিখ্যাত ভ্ৰাম্যমাণ নাট্যদল  ৰাজনন্দিনী নাট্যগোষ্ঠীক নাট প্ৰদৰ্শনৰ  বাবে খানামুখত আমন্ত্ৰণ কৰা হৈছিল । নিশা প্ৰায় ১০.৩০ মান বজাত অভিনয় কৰি  থকা অৱস্থাত অভিনেতা, প্ৰবীণ নাট্যশিল্পী  কেশৱ ডেকা   হঠাৎ  অসুস্থ হৈ পৰে । ততালিকে তেওঁক  খানামুখ লক্ষ্মী পূজা সমিতিৰ সদস্য সকলে নাট্য দলটিৰ সদস্যৰ সহযোগত  স্থানীয় আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ লৈ যায় । কিন্ত  উচ্চ ৰক্তচাপত গুৰুত্বৰভাবে অসুস্থ হোৱা বাবে চিকিৎসকে  তেওঁক   জি এম চি এইছলৈ প্ৰেৰণ কৰে। তাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here