গুৱাহাটীত মানক মহোৎসৱ উদযাপনৰ আৰম্ভনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 12 October 2022

গুৱাহাটীত মানক মহোৎসৱ উদযাপনৰ আৰম্ভনি




W7s news গুৱাহাটী:    ভাৰত  চৰকাৰৰ ভাৰতীয় মানক ব্যুৰোয়ে  ১৪ অক্টোবৰত সমগ্ৰ ভাৰতবৰ্ষত বিশ্ব মানক উদযাপন কৰিবলৈ “মানক মহোৎসৱ" পালনৰ কাৰ্যসূচী হাতত লয়। এই অনুষ্ঠানটিত উপস্থিত হোৱাৰ উদ্দেশ্যে 12 অক্টোবৰ, ২০২২ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ১০ বজালৈ এটা থলুৱা অনা-লাভকাৰী সহযোগী, NEAIDৰ  সৈতে এক “কোৱালিটি ৱাক” কাৰ্যসূচী হাতত লয়। এই "কোৱালিটি ৱাক" আৰম্ভ হয় গীতানগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত আৰু শেষ হয় গীতা মন্দিৰৰ সমীপৰ বি এছ এফ বেচ কেম্পত, এই ৱাকত প্ৰায় ২ কিলমিটাৰ দূৰত্ব সামৰা হয়। দিছপুৰ সমস্তিৰ বিধায়ক অতুল বৰা উপস্থিত থাকি এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰে আৰু অনুষ্ঠানৰ শুভাৰম্ভণি  কৰে। BIS গুৱাহাটীৰ অধ্যক্ষ  সব্যসাচী ধৰে তেওঁক এখন চাদৰেৰে আদৰণি জনায়।  NEAIDৰ সহ-প্ৰতিষ্ঠাপক  মেৰাজ এই অনুষ্ঠানত উপস্থিত থাকে। সন্মানীয় বিধায়কগৰাকীয়ে তেওঁৰ আদৰণি ভাষণত উল্লেখ কৰে যে ভাৰতৰ প্ৰতিজন নাগৰিকে সঠিক গুণগত মানদণ্ডৰ সামগ্ৰী ক্ৰয় আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত যাতে পিছলৈ কোনো আসোঁৱাহ ৰৈ যাব নোৱাৰে আৰু প্ৰৱঞ্চনাৰ চিকাৰ হব নোৱাৰে। গীতানগৰ উচ্চ মাধ্যমিক বিদ্যালয়ক BIS আৰু NEAID-এ মিলিতভাৱে বিধায়কগৰাকীৰ জৰিয়তে এটা পানী নিৰ্মূলকাৰী ৱাটাৰ পিউৰিফায়াৰ দান কৰে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ই শুদ্ধ খোৱাপানী যোগান ধৰিব যি বিশ্ব  সমিতিৰ দ্বাৰা স্বীকৃত বহনক্ষম উন্নয়নৰ এটি লক্ষ্য। BIS গুৱাহাটীৰ অধ্যক্ষ  সব্যসাচী ধৰে জনায় যে IEC, ISO আৰু ITUৰ সদস্যসকলে প্ৰতি বছৰৰ ১৪ অক্টোবৰত  সমগ্ৰ বিশ্বৰ অভিজ্ঞ ব্যক্তিসকলৰ দ্বাৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ মানদণ্ড নিৰ্ধাৰণৰ কাৰিকৰী চুক্তিপত্ৰ তৈয়াৰ কৰাৰ সংযোজিত প্ৰচেষ্টাক শ্ৰ্দ্ধা জনোৱাৰ উদ্দেশ্যে  বিশ্ব মানক দিৱস উৎযাপন কৰে। উল্লেখযোগ্য যে,,ভাৰতীয় মানক ব্যুৰো হৈছে ৰাষ্ট্ৰীয় মানক সমিতি, যিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ ফোৰামক প্ৰতিনিধিত্ব কৰে আৰু সেয়েহে ভাৰতবৰ্ষত কিছু লক্ষ্য আগত ৰাখি মানক দিৱস পালন কৰা হয়।এই বৰ্ষৰ বিষয়বস্তু হৈছে "এখন উন্নত বিশ্বৰ বাবে লক্ষ্য বিতৰণ", যিয়ে চমুকৈ কয় যে মিলিত প্ৰচেষ্টাৰ সহায়তহে আমি আমাৰ লক্ষ্যবোৰত উপনীত হব পাৰিম। বহনক্ষমতা লাভৰ ক্ষেত্ৰত মানদণ্ড নিৰ্ধাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যিয়ে আমাক  পুনৰাৰ্বতন কৰিব পৰা, প্ৰকৃতি- অনুকূল, কম শক্তি নিহিত, সুৰক্ষিত আৰু স্বাস্থ্য সন্মত  সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত আমাক সঠিক পথ দেখুৱায়। ই বজাৰ ব্যৱস্থাতো একনায়কত্ববাদ ৰোধ কৰে লগতে স্বাস্থ্যসন্মত মানদণ্ড নিৰ্ধাৰণ কৰাত সহায় কৰে আৰু ক্ষুদ্ৰৰ পৰা বৃহৎ সকলো উৎপাদকৰ বাবে এক মঞ্চ প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here