W7s news গুৱাহাটী: বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ৭ ছেপ্টেম্বৰত 'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া আক্ৰমণৰ সমুখীন হ'বলগীয়া হোৱা ঘটনাক তীব্ৰ গৰিহণা জনাই এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। উল্লেখ্য যে যি সময়ত মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ বিৰুদ্ধে 'শূণ্য সহনশীলতা'ৰ কথা কৈ আহিছে, তেনে সময়তে গুৱাহাটীৰ মাজমজিয়াত এজন জ্যেষ্ঠ সাংবাদিকক এনেদৰে দুৰ্বৃত্তই প্ৰহাৰ কৰা ঘটনা খুবেই নিন্দনীয়। এই ঘটনাৰ পিছতেই আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাও এক চিন্তনীয় বিষয়। আজি বাতৰিকাকত সমূহত প্ৰকাশিত খবৰ অনুসৰি অসম আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰাৰ সলনি জ্যেষ্ঠ সাংবাদিকগৰাকীক আটক কৰি পিছত জামিনত মোকলাই দিয়ে। ই সাংবাদিকৰ খবৰ সংগ্ৰহৰ স্বতন্ত্ৰতাৰ ওপৰত এক মোক্ষম আঘাত। এই ঘটনাৰ ভাৰতৰ ছাত্ৰ ফেডাৰেচনে তীব্ৰ নিন্দা কৰে। সাংবাদিকসকলে এতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেও এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া আৰু আৰক্ষীৰ পৰা সহায়ৰ বিপৰীতে নিৰ্যাতিত হোৱা কথাটি খুবেই দুখজনক আৰু চিন্তনীয়। এছ এফ আইয়ে দাবী কৰে যে অতিশীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা লওঁক আৰু জ্যেষ্ঠ সাংবাদিক গৰাকীক কৰা এনে অপব্যৱহাৰৰ বাবে ক্ষমা খোজক।
Post Top Ad
Responsive Ads Here
Thursday, 8 September 2022

Home
গুৱাহাটী
'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ : তীব্ৰ গৰিহণা এছ এফ আইৰ
'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ : তীব্ৰ গৰিহণা এছ এফ আইৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment