ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক উৎকৰ্ষৰ প্ৰেৰণা যোগাই আনন্দৰাম বৰুৱা বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্ত ২২,৬০১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক উৎকৰ্ষৰ প্ৰেৰণা যোগাই আনন্দৰাম বৰুৱা বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্ত ২২,৬০১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান

 




আনন্দৰাম বৰুৱাৰ কৰ্ম আৰু আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ ছাত্ৰ -ছাত্রীসকলক আহ্বান মুখ্যমন্ত্ৰীৰ




W7s news গুৱাহাটী: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম মাধ্যমিক শিক্ষা বিভাগে আজি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজন করা এক গাভীর্যপূর্ণ অনুষ্ঠানত শৈক্ষিক উৎকৃষ্টতা প্রদর্শন কৰা ছাত্র-ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কামৰূপ (মহানগৰ) আৰু কামৰাপ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰে। অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ বাবে ৭৫ শতাংশ বা ততোধিক নম্বৰ প্রাপ্ত ছাত্র-ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটাৰ বাবে নির্বাচিত কৰা হৈছে। এই বছৰ সমগ্ৰ ৰাজ্যত মুঠ ২২,৬০১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে। আজি ৰাজ্যখনৰ বিভিন্ন জিলাত একেলগে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আনন্দৰাম বঁটা প্ৰাপকসকলক ১৬ হাজাৰ টকাকৈ ধনৰাশি প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ছাত্র-ছাত্রীসকলক শৈক্ষিক উৎকৰ্ষতাৰ

বাবে প্ৰেৰণা যোগাবলৈ এই বঁটা প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰাপকসকলক অভিনন্দন

জ্ঞাপন কৰি কয় যে এই সফলতাৰ আঁৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ

অৰিহণা আছে। মুখ্যমন্ত্রীয়ে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলকে অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে কয় যে এই বঁটাই আগন্তুক বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্র-ছাত্রীসকলক অধিক অনুপ্ৰাণিত হৈ গভীৰ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰি তুলিব। ২০০৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনন্দৰাম বৰুৱা অসম মাতৃৰ সৰ্বকালৰ অন্যতম সফল সন্তান বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ দৰে উৎকৃষ্ট সেৱাত যোগদান কৰি অসম মাতৃৰ নাম উজলাই তুগিছিল। নাতিদীর্ঘ জীৱনকালত তেওঁ সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদান সকলোৱে শ্রদ্ধাৰে সোঁৱৰণ কৰিব বুলি কয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ছাত্ৰ -ছাত্ৰীসকলক আনন্দৰাম বৰৱাৰ জীৱন আৰু কৰ্মৰাজিক প্রেৰণা হিচাপে গ্ৰহণ কৰি জীৱন পথত অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। ইয়ে তেওঁলোকৰ মহান লক্ষ্যত উপনীত হোৱাৰ দিশত সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে শৈক্ষিক দিশত ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শৈক্ষিক বিপ্লব অনাৰ দিশত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে। তেওঁ লগতে কয় যে আগন্তুক দিনত এই পদক্ষেপসমূহে ৰাজ্যখনক এখন আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্রত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ১৮৫০ চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্মগ্রহণ কৰা আনন্দৰাম বৰুৱাই মাথো ৩৯ বছৰ বয়সতে ভাৰতত ব্ৰিটিছৰ শাসনকালত প্রথম জন ভাৰতীয় জিলা দণ্ডাধীশ তথা উপায়ুক্তৰ পদ অলংকৃত কৰাকে ধৰি বহু অসাধাৰণ কৃতিত্ব সাধন কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে আনন্দৰাম বৰুৱাৰ সাফল্য হৈছে অসমৰ যুৱক-যুৱতীসকলৰ সফলতাৰ সন্ধানত থকা অন্তনির্হিত সামৰ্থৰ প্রকাশ। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহস্তকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here