W7s news গুৱাহাটী : হায়াত চুপাৰ স্পেচিটেলি হাস্পতাল গুৱাহাটীয়ে বিগত বছৰ বোৰত জনসাধাৰণৰ বাবে বিভিন্ন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি আহিছে। আজি বিশ্ব ফিজিঅ' থেৰাপি দিৱস উপলক্ষে হাস্পতাল খনৰ ফিজিঅ' থেৰাপি বিভাগৰ পৰা এক বিনামূলীয়া ফিজিঅ' থেৰাপি শিবিৰৰ আয়োজন কৰে। এদিনীয়াকৈ আয়োজন হোৱা এই বিনামূলীয়া ফিজিঅ' থেৰাপি শিবিৰ সকলোৰে বাবে খোলা আছিল। হাস্পতাল খনৰ একাংশ চিকিৎসক, চিকিৎসা কৰ্মী আৰু অন্য কৰ্মচাৰীৰৰ উপস্থিতিত পুৱা ১১ বজাত এই বিনামূলীয়া শিবিৰৰ আনুষ্ঠানিক শুভ আৰম্ভ কৰা হয়। এই শিবিৰত অংশগ্ৰহণ কৰা লোকসকলে হাড়ৰ বিষৰ সমস্যা, গাঁঠিৰ বিষ, বুকুৰ সমস্যা, অস্ত্ৰোপচাৰৰ পিছত হোৱা বিষ, আঁঠুৰ বিষ, বাত বিষ, শিশু সমস্যা, স্নায়ু জড়িত বিষৰ সমস্যাৰ ওপৰত পৰীক্ষা কৰি চিকিৎসা তথা চিকিৎসা পৰামৰ্শ লাভ কৰে। এই শিবিৰত অসমৰ লগতে বহি: ৰাজ্য নাগালেণ্ডৰ পৰাও আহি প্ৰায় অৰ্ধ শতাধিক ৰোগীয়ে শিবিৰৰ সুবিধা লাভ কৰে। হাস্পতাল খনৰ ফিজিঅ' থেৰাপি বিভাগৰ চিকিৎসক ডাঃ নিলোফাৰ ৰহমানৰ তত্বাৱধানত আয়োজন হোৱা এই শিবিৰে ৰাইজক বিষ নিৰাময় গুৰুত্ব ওপৰত মানুহক সজাগ কৰিব বুলি ডাঃ নিলোফাৰ ৰাহমানে ব্যক্ত কৰে। উল্লেখ্য, কৰ্পৰেট ছ'চিয়েল ৰেচপনচিবিলিটি (চি এছ আৰ) ৰ অধীনত সময়ে সময়ে বিভিন্ন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি আহিছে। আগন্তুক সময়তো ৰাইজৰ বাবে বিভিন্ন সজাগতা মূলক কাম কাজ কৰি যাব বুলি জানিব দিয়ে।
No comments:
Post a Comment