বৰঝাৰ বিমানবন্দৰত উচ্চ প্ৰযুক্তিযুক্ত নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰণ কক্ষ উদ্ধোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 September 2022

বৰঝাৰ বিমানবন্দৰত উচ্চ প্ৰযুক্তিযুক্ত নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰণ কক্ষ উদ্ধোধন

 

W7s news


গুৱাহাটী : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ  এলে বিমানবন্দৰত নিৰাপত্তা ব্যবস্থা শক্তিশালীকৰণকে ধৰি   ৰাজহ ফাঁকি ৰোধ , পৰিচালনাৰ কাৰ্য কুশলতা বৃদ্ধি , বিত্ত আৰু বাণিজ্যিক দক্ষতা বৃদ্ধি , নিৰীক্ষণ কার্য নিখুঁত কৰা আদিৰ বাবে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ বাবে বৰঝাৰ বিমানবন্দৰত আই টিৰ সহযোগত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । আজি অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত  এই নিয়ন্ত্ৰণ কক্ষটো উদ্ধোধন কৰে বৰঝাৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত উৎপল বৰুৱাই নতুন প্ৰযুক্তিৰ সংযোজনৰ ফলত বিমানবন্দৰৰ বহু কাম সহজ হোৱাৰ লগতে স্বচ্ছতা , ক্ষিপ্ৰ আৰু পৰিচালনাগত দিশত বহুখিনী উন্নত মানৰ হব বুলি আশা প্ৰকাশ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here