।কথক'ৰ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 September 2022

।কথক'ৰ উন্মোচন

 '



W7s news গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমে আয়োজন কৰা 'সুৰসংগম- সংগীত আৰু নৃত্য মহোৎসৱ'ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত 'কথক' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। কথক গুৰু মৰমী মেধি আৰু তবলাবাদক দেবাশিস তালুকদাৰ ৰচিত কথক নৃত্যশৈলীৰ তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষাৰ এই গ্ৰন্থখন কথক শিক্ষাৰ্থী সকলৰ উপযোগীকৈ প্ৰস্তুত কৰি তোলা হৈছে। নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰ , কথক গুৰু বিপুল দাস, ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত অভিনেত্ৰী মলয়া গোস্বামী, মঞ্জুলা হাজৰিকা আৰু মনীষা হাজৰিকাৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হয়। 'কথক' শীৰ্ষক এই গ্ৰন্থখন এমাজন, ফ্লিপকাৰ্ট আৰু সুৰসংগমত উপলব্ধ হ'ব বুলি জনায় মৰমী মেধিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here