ৰাণীত ১৭৫ চি আৰ পি এফ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 September 2022

ৰাণীত ১৭৫ চি আৰ পি এফ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ

 


W7s news গুৱাহাটী  : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ( চি আৰ পি এফ ) পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত  বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অখিল ভাৰতীয় টেৰাপন্থ যুৱক পৰিষদৰ ( এ বি টি ওৱাই পি  সৌজন্যত আজি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰটো উদ্ধোধন কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট কে এল ধীমানে । চমু ভাষণত কে এল ধীমানে বাহিনীটোৱে বিগত সময়চোৱাত কৰা   জনহিতকৰ কাম - কাজৰ এক চমু খতিয়ান দাঙি ধৰে । অনুষ্ঠানত এ বি টি ওৱাই পিৰ সঞ্চালক মনীষ ভাঞ্চালীকে ধৰি কেবাজনো কৰ্মকর্তা , চিকিৎসক , চিকিৎসা কর্মী , ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ ডেপুটী কমাণ্ডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া , ডাঃ দীপ্তিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে শিবিৰত চি আৰ পি এফৰ ১৫ জন জোৱানে ৰক্তদান কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here