নগাঁৱত আনন্দৰাম বৰুৱা বঁটাপ্ৰদান অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

নগাঁৱত আনন্দৰাম বৰুৱা বঁটাপ্ৰদান অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা

 

সমাজত ডাক্তৰ-ইঞ্জিনিয়াৰৰ সমানে সমানে ভাল খেতিয়ক আৰু ভাল ৰাজনীতিবিদৰো প্ৰয়োজন আছে : মন্ত্ৰী হাজৰিকা


W7s news নগাওঁ: অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নগাঁও জিলাৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই বৰ্ষত নগাঁও জিলাৰ ১৩১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । মন্ত্ৰী পীয়ুষ হাজৰিকা আজি আনুস্থানিকভাৱে জিলাখনৰ ছয় গৰাকী বঁটাপ্ৰাপকক আনন্দৰাম বঁটাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ।বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যি ক্ষেত্ৰতে নাথাকক কিয় দায়বদ্ধতাৰে কাম কৰিব লাগে । সমাজত ভাল ডাক্তৰ, ইঞ্জিনিয়াৰৰ সমানে সমানে ভাল ৰাজনীতিবিদ, ভাল মন্ত্ৰী-বিধায়কৰো প্ৰয়োজন আছে বুলি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলোকে একোটা আদৰ্শ ৰাখি কাম কৰি যাবলৈ আহ্বান জনায় । আনহাতে Google, Microsoft, Twitter আদি বিশ্বৰ আগশাৰীৰ প্ৰতিস্থানত ভাৰতীয় মূলৰ ব্যক্তিয়ে শীৰ্ষস্থানীয় পদবী লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আমাৰ দেশতো বহু প্ৰতিভাই দেশ বিদেশৰ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে । নঁগাৱৰ আজিৰ অনুষ্ঠানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুখ্য অতিথি হিচাপে উপস্থিত থকা আনন্দৰাম বৰুৱা বঁটাপ্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।আনহাতে নগাঁৱত আজিৰ বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী হাজৰি


কাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু জিতু গোস্বামীও উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here