গুৱাহাটীত পুনৰ সাংবাদিকক আক্ৰমণ, দিছপুৰ প্ৰেছ ক্লাবৰ গৰিহণা, ঘটনাৰ উচিত তদন্তৰ দাবী , - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

গুৱাহাটীত পুনৰ সাংবাদিকক আক্ৰমণ, দিছপুৰ প্ৰেছ ক্লাবৰ গৰিহণা, ঘটনাৰ উচিত তদন্তৰ দাবী ,

 

W7S News: নিউজডেস্ক: গুৱাহাটী :অসমীয়া প্ৰতিদিন '  কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক যোৱা নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে একাংশ দূবৃত্তই  আক্ৰমন কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাবে ।

এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে সা্ংবাদিকক কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি ঘটনাত জড়িত সকলোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায়।

উল্লেখ্য যে 

 গুৱাহাটীৰ চান্দমাৰী থানাৰ অন্তৰ্গত কমাৰ্চ পইন্টত নিশা সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক এদল দুৰ্বৃত্তই নিশা আক্ৰমন কৰে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত তেওঁ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছে। আৰক্ষীয়ে খেদি গৈ দুৰ্বৃত্তৰ দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰে। ঘটনাটো কালি মাজনিশা প্ৰায় ১ বজাৰ। কালি নিশা আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও আজি পুৱাৰ পৰা অ' চি য়ে সাংবাদিক নিৰ্যাতন কাৰীৰ পক্ষ লোৱাৰ অভিযোগ উঠিছে।


আনহাতে সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত দোষী যাতে সাৰি নাযায় তাৰ বাবে আৰক্ষীক নিৰপেক্ষ ভূমিকা পালন কৰাৰ বাবেও বিবৃতি যোগে দাবী জনাইছে প্ৰেছ ক্লাবে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here