দৰঙত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

দৰঙত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

 



শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে সবল পদক্ষেপ গ্ৰহন কৰিছে : পাটোৱাৰী


W7s news মঙলদৈ: দৰঙৰ মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচীত আজি পৰিৱেশ আৰু বন মন্ত্ৰী তথা দৰঙ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে।আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ত ৭৫% বা তাতোধিক নম্বৰ পোৱা ২২,৬০১ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত আনন্দৰাম বৰুৱা বঁটা আঁচনিৰ অধীনত কেন্দ্ৰীয়ভাৱে ১৬ হাজাৰ টকাকৈ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই পদক্ষেপৰ অংশ হিচাপে আজি দৰং জিলাৰ মুঠ ৮৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই ধনৰাশি লাভ কৰে। ৮৩৫ জনৰ ভিতৰত ২৭৪ গৰাকীয়ে দিচতিংচন লাভ কৰাৰ বিপৰীতে ৫৬১ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে আনন্দৰাম বৰুৱা বঁটা হৈছে ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচেষ্টা আৰু নিষ্ঠাক স্বীকৃতি দি ভৱিষ্যত শৈক্ষিক জীৱনত বৃহত্তৰ সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ। তেওঁ লগতে আনন্দৰাম বৰুৱাৰ নামত প্ৰতিষ্ঠা কৰা এই বঁটাটোৱে বহু তাৎপৰ্য্য বহন কৰে বুলি মন্তব্য কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ ৫ম আৰু অসমৰ প্ৰথম আইচিএছ বিষয়া হিচাপে পৰিগণিত হোৱা বিদ্বান পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ অৱগত কৰে । ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে এখন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব বুলি জনাই তেওঁ কয় যে বৰ্তমানলৈ ৰাজ্যখনত ৯৭খন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে ২০১১-২২ চনৰ ভিতৰত ৰাজ্যত ৫১,৬৫৫ গৰাকী টেট যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ৰাজ্যত ৯ খন ছোৱালী মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে আৰু ১৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে দৰঙত এখন ছোৱালী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নিৰ্বাচিত ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জনৰ বাবে আহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী পাটোৱাৰীয়ে আজিৰ প্ৰতিযোগিতামূলক পৰিৱেশত নৈতিক মূল্যবোধ বজাই ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সফল ব্যক্তি হোৱাৰ উপৰিও এজন ভাল মানুহ হোৱাৰ বাবেও চেষ্টা কৰিব লাগিব বুলিও তেওঁ কয়। আজিৰ কার্যসূচীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অনুষ্ঠিত কেন্দ্রীয় আনন্দৰাম বৰুৱা বঁটা প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই প্ৰদান কৰা বক্তৃতা  প্রদর্শনৰো ব্যৱস্থা কৰা হয়৷ আজিৰ কার্যসূচীত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, এ এফ ডি চিৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত প্রণৱ কুমাৰ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here