আজাৰৰ জি আই পি এছত " বিশ্ব ফাৰ্মাছী দিৱস উদযাপন" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

আজাৰৰ জি আই পি এছত " বিশ্ব ফাৰ্মাছী দিৱস উদযাপন"

 




W7s news গুৱাহাটী: গুৱাহাটীৰ আজাৰাস্হিত ফাৰ্মাছী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত প্ৰতিষ্ঠান খনিৰ সমূহ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত "বিশ্ব ফাৰ্মাছী দিৱস" উদযাপন কৰা হয়। গোটেই বিশ্বজুৰি পালন কৰা ফাৰ্মাছী দিৱস টিৰ এইবাৰৰ বিষয়বস্তু আছিল" ফাৰ্মাছী ইউনাইটেড একশ্যন ফ'ৰ এ হেলথিয়াৰ ওৱাল্ড"। শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাসে পতাকা উত্তোলনৰ দ্বাৰা উদ্বোধন হোৱা অনুষ্ঠানটিত তেওঁ উপস্থিত সকলোকে উদ্দেশ্য আদৰণি সম্ভাষণ আগবঢ়ায়। ইয়াৰ পিছত বৰ্তমানৰ পৰিস্থিতিত  ফাৰ্মাছিষ্ট সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়   প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ডঃ পি. মালাইৰাজনে। অনুষ্ঠানটিত  উতিথিৰূপে উপস্থিত থকা দুজনকৈ ব্যক্তি ক্ৰমে   গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ ফাৰ্মাছী প্ৰতিষ্ঠানৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা নেমকেয়াৰ ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সৰ বৰ্তমানৰ সহযোগী অধ্যাপক সুকিৰতি দাস  আৰু "Pure & cure private limited"ৰ প্লান্ট হেড  দিলীপ কুমাৰ গুপ্তা ই ফাৰ্মাছী দিৱসৰ তাৎপৰ্য আৰু এইবাৰৰ বিষয়বস্তৰ ওপৰত এক মনোগ্ৰাহী ভাষণ আগবঢ়ায় । ইয়াৰ উপৰিও বিশ্ব ফাৰ্মাছী দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ "দৰ্পণ" শীৰ্ষক এখনি প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয়। অনুষ্ঠানটিৰ শেষত প্ৰতিষ্ঠান খনিৰ জেষ্ঠ অধ্যাপিকা ড: স্মৃতি ৰেখা চন্দ দাসে উপস্থিত সকলোকে প্ৰতিষ্ঠান খনিৰ হৈ শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠানটিৰ লগত  সংগতি ৰাখি প্ৰতিষ্ঠান খনিৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সমূহৰ দ্বাৰা এক বাৰে ৰহণীয়া  সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here