সাংস্কৃতিক কর্মী , সাহিত্যিক টুটুমণি নাথ মেধিক কলকাতাত ৰাষ্ট্ৰীয় উৎকৃষ্টতা বঁটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

সাংস্কৃতিক কর্মী , সাহিত্যিক টুটুমণি নাথ মেধিক কলকাতাত ৰাষ্ট্ৰীয় উৎকৃষ্টতা বঁটা প্ৰদান

 



W7s news গুৱাহাটী : বিশিষ্ট সাংস্কৃতিক কর্মী , ৰাষ্ট্রীয় পৰ্যায়ৰ নৃত্য শিল্পী ,  সাহিত্যিক ,  সমাজসেৱীকা , গুৱাহাটীৰ মালিগাঁও ৰেলৱে অফিচাৰ্ছ কলনী নিবাসী টুটুমণি নাথ মেধিক ( ৰুমী )  মহাবঙ্গ সাহিত্য পৰিষদ ছেৰিটেবল ট্ৰাষ্টৰ পৰা  ২০২২ বৰ্ষৰ সাহিত্যৰ সংস্কৃতিৰ আৰু সমাজ সেৱাৰ বাবে ৰাষ্ট্রীয় উৎকৃষ্টতা বঁটাৰে  ( National Excellence  Award 2022 ) সন্মানিত কৰা হৈছে । অসম , বাংলাদেশ , নেপাল আদিকে ধৰি বিভিন্ন দেশৰ সমন্বয়ৰ  স্থলীৰূপে পৰিগণিত  কলকাতাৰ ৰৱীন্দ্ৰ সদনৰ অৱনীন্দ্ৰ সভাঘৰত ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ  অনুষ্ঠানত পশ্চিমবঙ্গ চৰকাৰৰ কৃষিমন্ত্ৰী শোভেনদেৱ চট্টোপধ্যায়ে টুটুমণি নাথ মেধিক এই বঁটা প্ৰদান কৰে ।   অনুষ্ঠানত  কৃষিমন্ত্ৰী তথা বিখ্যাত কবি  শোভনদেৱ চট্টোপাধ্যায়ক টুটুমণি নাথে মেধিয়ে অসমীয়াৰ ঐতিহ্যৰ চিন ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনায় ।  ইয়াৰ উপৰিও মেধিয়ে অসমীয়াৰ বুকুৰ আমঠু বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মন্ত্ৰ মুগ্ধ কৰে ।  অনুষ্ঠানত  অসমৰ  কেবাজনো  বিশিষ্ট কবি ,  সাহিত্যিক তথা সমাজ সেৱকক  তেওঁলোকে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁ‌টা প্ৰদান কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here