আন্তৰ্জাতিক সাম্ৰাজ্যবাদ আৰু যুদ্ধ বিৰোধী প্ৰতিবাদ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

আন্তৰ্জাতিক সাম্ৰাজ্যবাদ আৰু যুদ্ধ বিৰোধী প্ৰতিবাদ দিৱস পালন

 


W7s news ষ্টাফৰিপোৰ্টাৰ: চলিত বছৰৰ  ৬ মে'ৰ পৰা ৮ লৈ ইটালীৰ ৰোমত অনুষ্ঠিত ৱৰ্ল্ড ফেডাৰেচন অব ট্ৰেড ইউনিয়নৰ ১৮ তম কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে ১ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বত আন্তৰ্জাতিক সাম্ৰাজ্যবাদ আৰু যুদ্ধ বিৰোধী প্ৰতিবাদ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আহ্বানৰ প্ৰতি সহাৰি জনাই ৱৰ্ল্ড ফেডাৰেচন অব ট্ৰেড ইউনিয়নৰ সদস্য হিচাপে এ আই ইউ টি ইউ চি ৰ সৰ্বভাৰতীয় কমিটিৰ আহ্বানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে সংগঠনৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত গুৱাহাটীটো বিক্ষোভ প্ৰদৰ্শন, প্ৰতিবাদী সভা ইত্যাদিৰ মাজেৰে এই প্ৰতিবাদী দিৱস পালন কৰা হয়। এই উপলক্ষে সংগঠনৰ ভালে সংখ্যাক কৰ্মীয়ে বৃহস্পতিবাৰে পুৱা ১০ বজাত উলুবাৰী ভ'লভ প্ইন্টৰ সমীপত সমবেত হয় আৰু যুদ্ধ নহয় শান্তি লাগে,বিশ্ব শান্তি ধ্বংসকাৰী নাটো বাহিনী হুচিয়াৰ, সাম্ৰাজ্যবাদী ৰাছিয়া ইউক্ৰেনৰ পৰা ওলাই যোৱা,মানৱ সভ্যতাৰ শত্ৰু আমেৰিকান সাম্ৰাজ্যবাদ ধ্বংস হওঁক, বিশ্বৰ শ্ৰমিক এক হওক, পুঁজিবাদ সাম্ৰাজ্যবাদ ধ্বংস হওক ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰে। বিক্ষোভৰ শেষত  প্ৰতিবাদী সভাত  ব্যক্তব্য ৰাখে এ আই ইউ টি ইউ চি ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক  আজাহাৰ হুছেইনে। তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ্ কৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক ছেপ্টেম্বৰ দিনটোতেই জাৰ্মান নাজী বাহিনীয়ে পোলেণ্ড আক্ৰমণ কৰিছিল। তেওঁ ইউক্ৰেন আক্ৰমণকাৰী সাম্ৰাজ্যবাদী ৰাছিয়াক সমালোচনা কৰাৰ লগতে যুদ্ধবাজ আমেৰিকা আৰু নাটো বাহিনীকো তীব্ৰ সমালোচনা কৰে। তেওঁ পুঁজিবাদ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here