গুৱাহাটীৰ 'ৰিহেবিলিটেশ্যন' কেন্দ্ৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন; কেন্দ্ৰৰ দুৰৱস্থা দেখি আচৰিত মন্ত্ৰী হাজৰিকা, কৰ্তৃপক্ষক কঠোৰ সকীয়নি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

গুৱাহাটীৰ 'ৰিহেবিলিটেশ্যন' কেন্দ্ৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন; কেন্দ্ৰৰ দুৰৱস্থা দেখি আচৰিত মন্ত্ৰী হাজৰিকা, কৰ্তৃপক্ষক কঠোৰ সকীয়নি

 



ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সোনকালেই নীতি প্ৰস্তুত কৰিব: মন্ত্ৰী হাজৰিকা





W7s news গুৱাহাটী: সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীস্থিত এটা ব্যক্তিগত ৰিহেবিলিটেশ্যন কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰটোত থকা সুবিধাসমূহৰ বুজ লয় । পৰিদৰ্শনকালত কেন্দ্ৰটোত আৱাসীসকলৰ বাবে সামান্যতম সুবিধাও নথকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকী আচৰিত হৈ পৰে আৰু কেন্দ্ৰটোৰ তত্বাৱধানত থকা ব্যক্তিসকলক এই বিষয়ে ব্যৱস্থা লবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে । আনহাতে কেন্দ্ৰটোত স্বাস্থ্যসেৱাৰ কোনো সুবিধা নথকাত মন্ত্ৰীগৰাকীয়ে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক কেন্দ্ৰটোত শীঘ্ৰে আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে ।Peace Wellness Foundation নামৰ এই ব্যক্তিগত ৰিহেবিলিটেশ্যন কেন্দ্ৰত একাংশই সন্দেহজনকভাৱে ড্ৰাগছৰ বেহা চলাই থকা বুলি অভিযোগ উত্থাপিত হোৱাত মন্ত্ৰী হাজৰিকাই স্থানীয় আৰক্ষীক অনাগত তিনি দিন ধৰি এই কেন্দ্ৰ কঠোৰভাৱে নিৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে ।পাছত মন্ত্ৰী হাজৰিকাক দিছপুৰৰ নিজা কাৰ্যালয়ত সাংবাদিকে আজিৰ আকস্মিক পৰিদৰ্শনৰ বিষয়ে প্ৰশ্ন কৰাত তেঁও কয় যে এনেদৰে ভয়াবহভাৱে এটা সৰু কোঠাতে ইমানবোৰ মানুহক অস্বাস্থ্যসন্মত পৰিৱেশত ৰাখিলে ড্ৰাগছ আসক্তসকলৰ শাৰীৰিক অৱস্থা বেছিহে বেয়া হ'ব । অতি সোনকালেই চৰকাৰে ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ চলোৱাৰ বাবে নীতি প্ৰস্তুত কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে কেৱল বাণিজ্যিক উদ্দেশ্যৰে এই কেন্দ্ৰসমূহ চলি থাকিবলৈ দিয়া নহ'ব। আনহাতে প্ৰাথমিক পদক্ষেপ হিচাপে অহা শনিবাৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত মন্ত্ৰী হাজৰিকাই গুৱাহাটীস্থিত সকলো ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হ'ব বুলি উল্লেখ কৰে । অসমত ৰিহেবিলিটেশ্যন কেন্দ্ৰ চলোৱাৰ নামত কোনেও যাতে লুণ্ঠন চলাব নোৱাৰে আৰু আমাৰ ড্ৰাগছ আসক্তিৰ পৰা ওলাই আহিব বিচৰা যুৱচামক যাতে আৰু সমস্যাত পেলাব নোৱাৰে তাৰ বাবে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here