দীপৰ বিল সুৰক্ষা মঞ্চৰ অভিযোগ ; এটা বছৰ সম্পূৰ্ণ কৰিলে পশ্চিম বৰাগাঁওৰ বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ডটোৱে ; বিপদজনক মাত্ৰাত প্ৰদূষিত হৈছে দীপৰ বিলৰ পানী; চিৰদিনৰ বাবে বিলুপ্ত হল বহু জলজ প্ৰাণী , উদ্ভিদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

দীপৰ বিল সুৰক্ষা মঞ্চৰ অভিযোগ ; এটা বছৰ সম্পূৰ্ণ কৰিলে পশ্চিম বৰাগাঁওৰ বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ডটোৱে ; বিপদজনক মাত্ৰাত প্ৰদূষিত হৈছে দীপৰ বিলৰ পানী; চিৰদিনৰ বাবে বিলুপ্ত হল বহু জলজ প্ৰাণী , উদ্ভিদ

 




W7s news ষ্টাফৰিপোৰ্টাৰ :  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ( এন জি টি ) নিৰ্দেশনা উলংঘা কৰি  দীপৰ বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ  দাঁতিত বিগত ২০২১  বৰ্ষৰ আগষ্ট  মাহত গুৱাহাটী পৌৰ নিগমে জাৱৰ জোথঁৰ , আৱৰ্জনা পেলাবৰ বাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে ইতিমধ্যে এটা বছৰ সম্পূৰ্ণ কৰিলে । বিগত এটা বছৰত  পৌৰ নিগমে কেবাবাৰো বৈজ্ঞানিক পদ্ধতি  অৱলমন কৰিহে  আৱৰ্জনা পেলোৱা হ'ব বুলিও ঘোষণা কৰিছিল । কিন্ত সেই ঘোষণা কাৰ্যকৰী নোহোৱাত  দীপৰ বিলৰ পানী অধিক মাত্ৰাত প্ৰদূষিত হৈ পৰিছে । এই অভিযোগ কৰিছে দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু  বিলখনক এক প্ৰদূষণমুক্ত  ক্ষেত্ৰলৈ  উন্নীতকৰণৰ  হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চই । এটা বিবৃতিত  দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ ,  উপ সভাপতি বলেশ্বৰ ৰংপী , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু  সহকাৰী সম্পাদক সুশীল টেৰণে কয় -  গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই বেলৰতলত  ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিছিল। ডাম্পিং গ্রাউণ্ড। এই ডাম্পিং গ্রাউণ্ড সম্পূর্ণ নীতি বহির্ভূত আৰু বেআইনী আছিল। এন জি টিৰ  ৰায় অনুসৰি ছ'লিড রাষ্ট মেনেজমেণ্ট বল ২০১৬' আৰু 'ৱেটলেও কনজাৰভেচন এণ্ড মেনেজমেন্ট ৰুল ২০১৭'ৰ নীতি-নিৰ্দেশনা অনুসৰি দীপৰ বিলৰ সংৰক্ষণ কৰাটো বাধ্যতামূলক। সেই অনুসৰিয়েই গুৱাহাটী পৌৰ নিগমেও  এন জি টিৰ আদালতত শপতনামা দাখিল কৰে। গুৱাহাটী পৌৰ নিগমৰ শপতনামা অনুসৰি মহানগৰীৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত মহানগৰীৰ জাবৰ-জোঁথৰৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিব। কিন্তু পৰিতাপৰ কথা এই যে যোৱা ২৪ মে'ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত গৰাকীৰ আহ্বান মৰ্মে দীপৰ বিল সুৰক্ষা মঞ্চৰ সঁজাতী দলৰ পৰিদৰ্শন কালত জাবৰৰ বিকেন্দ্ৰীকৰণৰ কোনো ব্যৱস্থা কৰা দেখা নাপালে। এই কথাই স্পষ্ট কৰি দিয়ে যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দীপৰ বিল সংৰক্ষণ সন্দৰ্ভত এন জি টিৰ নীতি-নির্দেশনা চূড়ান্তভাৱে উলংঘা কৰিছে। উল্লেখ্য যে  এন জি টিৰ  নিৰ্দেশনা অনুসৰিয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত জলাশয় সংৰক্ষণৰ উদ্দেশ্যে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কমিটী - গঠন কৰিছিল। কিন্তু এই সকলোবোৰ এক নাটক যেন অনুমান হৈছে ।  দীপৰ বিলৰ বিশাল এই আৰ্দ্ৰভূমি চৰকাৰে তথাকথিত উন্নয়নৰ দোহাই দি আৰু দুমুখীয়া নীতিৰে বিলখনক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে।  মুখ্যমন্ত্ৰী গৰাকীয়েও শেহতীয়াভাৱে দীপৰ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কেতবোৰ মৌখিক ঘোষণা কৰিছে। কিন্তু মুখ্যমন্ত্ৰীৰ এনেবোৰ ঘোষণাত আশ্বস্ত হ'ব পৰা নাই দীপৰ বিল সুৰক্ষা মঞ্চ । উল্লেখ্য যে কিছুদিন  পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ জীৱকুল ৰক্ষা, সৌন্দৰ্য বৰ্তাই ৰখা ৰেললাইনৰ বিকল্প ব্যৱস্থা আদিৰ জৰিয়তে দীপৰ বিলখনৰ সুৰক্ষাৰ কথা চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাক নস্যাৎ কৰি সুৰক্ষা মঞ্চৰ বিষয়ববীয়াসকলে কয় যে এনে ধৰণৰ চৰকাৰী  ঘোষণা বহুত শুনিলো। কিন্তু বাস্তৱত ইয়াৰ বিপৰীত প্ৰতিচ্ছবিহে দেখিছে ৰাইজে। বিগত ১৯৯২ চনত ৰেলপথ নিৰ্মাণ আৰু এতিয়া আকৌ দ্বৈত ৰেলপথ নিৰ্মাণ কৰিবলৈ দীপৰ বিল, ৰাণী সংৰক্ষিত বনাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য শেষ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে। উল্লেখ্য যে বিগত ২০০২ চনত ৪০ বৰ্গ কিলোমিটাৰ এলেকা সামৰি দীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় খ্যাতি ৰামছাৰ প্ৰদূষিত কৰিলে দীপৰ বিলৰ পানী, মাটি, বায়ু। মৰা ভৰলু, বশিষ্ঠ নদী, বাহিনী চিন্তাধাৰা বন্ধ কৰিবলৈ দাবী জনাইছে সুৰক্ষা মঞ্চই । মঞ্চই সদৰি কৰা অনুসৰি ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা  দীপৰ বিলত এতিয়া মাছ , কাছ নহয় , প্লাষ্টিক , পলিথিন , বা জীৱ জন্তুৰ ক্ষতি সাধন কৰিব পৰা সামগ্ৰী সমূহহে পানীত উটি ভাঁহি থাকে । পামহী কেনেলৰে বৈ অহা  প্রদূষিত পানী, ডাম্পিং গ্ৰাউণ্ডত আবর্জনা পেলাই  অহাৰ ফলত ইতিমধ্যে দীপৰ বিলৰ বহু জলজ  উদ্ভিদ, মাছকে ধৰি জলপ্ৰাণীৰ  চিৰদিনৰ বাবে বিলুপ্ত হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here