বাওধানেৰে নৱ বিপ্লৱ অনাৰ চেষ্টা বৰ-নৈ অৰ্গেনিকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 September 2022

বাওধানেৰে নৱ বিপ্লৱ অনাৰ চেষ্টা বৰ-নৈ অৰ্গেনিকৰ

 

বজাৰত মুকলি বাওধানেৰে প্রস্তুত 'কাপ্পা সান্দহ' জলপান


W7s news ষ্টাফৰিপোৰ্টাৰ: বাওধানেৰে 'বৰ-নৈ অগেনিকে নৱ বিপ্লব অনাব গুৰি চেষ্টা কৰিছে। বাওধানতকৈ উৎকৃষ্ট চাউল পৃথিৱীত নাই। বাওধানৰ পৰা 'কাপ্পা' সান্দহ' প্রস্তুত কৰি এক নতুন জাগৰণ সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। —এই মন্তব্য বৰ নৈ অৰগেনিক প্রাইভেট লিমিটেডৰ  পৰিচালন সঞ্চালক গৌতম হাজৰিকাৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত পৰিচালন সঞ্চালক হাজৰিকাই কয়-'কাপ্পা' সন্দহ নামৰ তৎক্ষণাৎ বনাই খাব পৰা জলপানৰ এক বিশেষ সামগ্ৰী আমি মুকলি কৰিলোঁ। এই ‘কাপ্পা সান্দহ ’ ৰাজ্যৰ ৰঙা বাওধানৰ পৰা তৈয়াৰ কৰা হয়, যি এক উৎকৃষ্ট ঔষধি চাউল। মেগি, নুডলছৰ অন্যতম বিকল্প '


কাপ্পা' সান্দহত গুৰ মিহলি কৰা থাকে, য'ত আইৰণ, · জিংক, কেলচিয়াম, ভিটামিন বি, চি আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ। ইয়াৰ বিশেষ  গুণাগুণটো হ'ল ই মাত্র ৪ মিনিটত খাবলৈ সাজু হৈ উঠে, যি শিক্ষার্থী অথবা অফিচৰ কৰ্মচাৰীসকলৰ  বাবে এক পুষ্টিসমৃদ্ধ পুৱাৰ আহাৰ হিচাপে গণ্য কৰিব পাৰি। ইপিনে, বাওধানেৰে বিপ্লব অনাৰ প্ৰচেষ্টা সন্দৰ্ভত হাজৰিকাই কয়— স্বাস্থ্য সচেতন লোকসকলৰ লগতে যিসকলে পুষ্টিকৰ, দ্রুত আৰু সুবিধাজনক খাদ্যৰ গৌতম হাজৰিকাই পুনৰ কয়— ‘কাপ্পা সান্দহ’বিকল্প বিচাৰে, তেওঁলোকৰ বাবে বাওধানেৰে তৈয়াৰী কাপ্পা সান্দহ এক উৎকৃষ্ট তাৎক্ষণিক খাদ্য। ই খিলঞ্জীয়া খেতিয়কসকলক অর্থনৈতিকভাবে উৎসাহিত কৰিব। আমি শীঘ্ৰেই এই সামগ্ৰীটো পেন ইণ্ডিয়া পৰ্যায়ত আৰম্ভ কৰাৰ প্ৰচেষ্টা চলাই আছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here