১অক্টোবৰত 'ছ'ল চিষ্টাৰ্ছ'ৰ উদ্যোগত মহানগৰীত 'ডাণ্ডিয়া ৰাস' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 September 2022

১অক্টোবৰত 'ছ'ল চিষ্টাৰ্ছ'ৰ উদ্যোগত মহানগৰীত 'ডাণ্ডিয়া ৰাস'


 


উপস্থিত থাকিব "ৱাগলে কি দুনিয়া"ৰ জনপ্ৰিয় অভিনেতা  দীপক পাৰীক


W7s news,,,গুৱাহাটী, নৱৰাত্ৰি উৎসৱ উপলক্ষে 'ছ'ল চিষ্টাৰ্ছ' নামৰ সংগঠনটোৱে মহানগৰবাসীৰ বাবে গুজৰাটৰ পৰম্পৰাগত গুজৰাটী গৰ্বা আৰু বলীউডৰ সংগীতত ডাণ্ডিয়া নৃত্যৰ বিশেষ অনুষ্ঠান "ডাণ্ডিয়া ৰাস" আয়োজন কৰিছে। মহানগৰীৰ পল্টন বজাৰত থকা 'আশী অপসৰা' বেঙ্কুৱেট প্ৰেক্ষাগৃহত অহা ১ অক্টোবৰৰ সন্ধিয়া ৭ বজাৰ পৰা এই ৰঙীন 'ডাণ্ডিয়া ৰাস' কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।আয়োজক ভাৱানা মুন্ধ্ৰা আৰু কোমল ৰাথীয়ে এই সন্দৰ্ভত কয় যে দীঘলীয়া বিৰতিৰ অন্তত গুৱাহাটী মহানগৰবাসী বিশেষকৈ যুৱক-যুৱতীসকলে ডাণ্ডিয়া ডান্স ফ্ল'ৰত টিভি ধাৰাবাহিকৰ কলাকুশলীৰ sসৈতে নৃত্য কৰিব পাৰিব। মুম্বাইৰ জনপ্ৰিয় টিভি ধাৰাবাহিক 'ৱাগলে কি দুনিয়া'ৰ জনপ্ৰিয় অভিনেতা দীপক পাৰীকৰ লগতে স্থানীয় অভিনেত্ৰী আৰু অসমৰ মডেল ছোনিয়া টকবিপি দুইগৰাকী চেলিব্ৰিটি গেষ্ট হিচাপে অনুষ্ঠানটোত উপস্থিত থাকিব। একে সময়তে, দৰ্শকৰ মনোৰঞ্জনৰ বাবে জ্যোতিৰূপ চৌধুৰী  এংকৰ হিচাপে উপস্থিত থাকিব।আয়োজকসকলে কয় যে এই কাৰ্যসূচীৰ পৰা উপাৰ্জন হোৱা ধন বিভিন্ন মানৱ আৰু সামাজিক সেৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব। ডাণ্ডীয়া ৰাসৰ এই বিশাল অনুষ্ঠানত উপস্থিত থকা লোকসকলক মনোৰঞ্জন দিবলৈ ডিজে গোবজে তেওঁৰ গানৰ সংগ্ৰহৰ সৈতে উপস্থিত থাকিব। একে সময়তে, কাৰ্যসূচীটোত অংশগ্ৰহণ কৰা লোকসকলক বাবেও বিশেষ উপহাৰ প্ৰদান কৰা হব।  'বুকমাই শ্ব'ৰ জৰিয়তে দাণ্ডিয়া প্ৰেমীসকলে টিকট ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। ডাণ্ডিয়া ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু এই অনুষ্ঠানটোত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোগতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here