অসমত এইচ ডি এফ চি বেংকে মুকলি কৰিছে তেওঁলোকৰ প্ৰথমটো মহিলা শাখা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 30 September 2022

demo-image

অসমত এইচ ডি এফ চি বেংকে মুকলি কৰিছে তেওঁলোকৰ প্ৰথমটো মহিলা শাখা

Responsive Ads Here
IMG-20220930-WA0006


• শাখাটো উদ্বোধন কৰে অসম চৰকাৰৰ মাননীয় বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীমতী অজন্তা  নেওগে

• এইচ ডি এফ চি বেংকৰ এতিয়া অসমৰ ৩১ খন জিলাত বিস্তৃত  ৮৮ শাখাৰ নেটৱৰ্ক আছে

W7s news গুৱাহাটী,:  এইচ ডি এফ চি বেংকে আজি অসমত তেওঁলোকৰ প্ৰথমটো মহিলা শাখা মুকলি কৰাৰ কথা ঘোষণা কৰে। গুৱাহাটীৰ নাৰেংগীত মুকলি কৰা এই নতুন শাখাটো  সমগ্ৰ দেশতে বেংকটোৰ মহিলা শাখাৰ ক্ৰমবৰ্ধমান নেটৱৰ্কৰ শেহতীয়া সংযোজন। ইয়াৰ উপৰিও ই বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতিক প্রতিফলিত কৰে।মহিলা শাখাটো উদ্বোধন কৰে  অসম চৰকাৰৰ মাননীয় বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী  অজন্ত নেওগে আৰু  ইয়াত  উপস্থিত থাকে এইচ ডি এফ চি বেংকৰ উচ্চপদস্থ বিষয়াসকল ক্ৰমে প্ৰেমজিৎ কোঁৱৰ, চক্ৰ মুৰব্বী – উত্তৰ-পূব আৰু  আদিত্য ভট্টাচাৰ্য্য, ক্লাষ্টাৰ হেড – অসম লগতে অন্যান্য বিষয়ববীয়া সকল।এইচ ডি এফ চি বেংকে লিংগ বৈষম্যৰ বিষয়ত অধিক গুৰুত্ব প্রদান কৰি  সংস্থাটোৰ ভিতৰত বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতিক প্ৰসাৰিত কৰি আহিছে। ২০২২ চনৰ ৩১ মাৰ্চৰ শেষলৈকে বেংকটোৰ মুঠ কৰ্মচাৰীৰ সংখ্যাৰ   ২১.৭% মহিলা কৰ্মচাৰী আছিল আৰু ২০২৫ চনৰ ভিতৰত বেংকটোৱে ইয়াক ২৫% লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।অসমত এইচ ডি এফ চি  বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰাৰ সন্দৰ্ভত মন্তব্য কৰি শ্ৰীযুত প্ৰেমজিৎ কোঁৱৰ, চক্ৰ মুৰব্বী    নৰ্থ ইষ্ট, এইচ ডি এফ চি বেংকে কয়  “আমি বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতিত বিশ্বাস কৰোঁ। অসমত আমাৰ প্ৰথমটো মহিলা শাখা মুকলি হোৱাটোৱে আমাৰ দায়বদ্ধতাৰ পৰিচয় । নতুন শাখাটোৱে ৰাজ্যৰ আমাৰ শাখাসমূহৰ নেটৱৰ্কতো বৃদ্ধি কৰে।বেংক  শাখা নেটৱৰ্ক আৰু বিশ্বমানৰ ডিজিটেল সমাধানৰ সংমিশ্ৰণৰ জৰিয়তে আমি অসমৰ জনসাধাৰণৰ বাবে মানসম্পন্ন বেংকিং সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ কৰি যাম।"নতুন শাখাটো মুকলি হোৱাৰ পিছতে এইচ ডি এফ চি বেংকৰ এতিয়া অসমৰ ৩১ খন জিলাত বিস্তৃত ৮৮ টা শাখা আছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *