হৰি নামৰ ধ্বনিৰে মুখৰিত বৰঝাৰ বিমানকোঠ চৌহদ ; মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 September 2022

হৰি নামৰ ধ্বনিৰে মুখৰিত বৰঝাৰ বিমানকোঠ চৌহদ ; মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

 

W7s news গুৱাহাটী : অসমৰ জাতীয় জীৱনক মহিমামণ্ডিত কৰি অহা মহাপুৰুষ শ্ৰী


শ্ৰীমাধৱদেৱৰ ৪২৬ সংখ্যক পূণ্য তিৰোভাব তিথিৰ লগত সংগতি ৰাখি আজি বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদত নাম - প্ৰসংগ পৰিবেশন কৰা হয় । এই উপলক্ষে আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ ( জি আই এ এল )  জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱ অবিহনে অসম আৰু অসমীয়াৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি । মহাপুৰুষ দুজনাই অসমৰ জাতীয় জীৱনক প্ৰায় ৫৫০ বছৰ ধৰি মহিমামণ্ডিত কৰি ৰাখিছে । আনহাতে অনুষ্ঠানত ভাগ লৈ জি আই এ এলৰ  মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্তই কয় মহাপুৰুষ দুজনাৰ কৰ্মৰাজি ,  আদৰ্শ , সৃষ্টিৰাজি , সাহিত্য ,  সংস্কৃতিয়ে যিধৰণে অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে সেয়া তুলনাবিহীন । অনুষ্ঠানত বিমানকোঠৰ নিৰাপত্তাৰ  দায়িত্বত থকা চি আই এছ এফৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে মহাপুৰুষ দুজনাৰ কেবাটাও নাম পৰিবেশন কৰে পশ্চিম গুৱাহাটীৰ খানামুখৰ বিখ্যাত নামতী দল তথা অলপতে শ্বিলঙৰ বিষ্ণুপুৰৰ অসমীয়া ভাষা ,  সাহিত্য , সংস্কৃতিৰ কেন্দ্ৰস্থল স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পৰিৱেশন কৰি সমাদৰ লাভ কৰা জ্ঞানমালিনী বিকশিত মহিলা দলে । তেওঁলোকৰ পৰিবেশিত হৰি নামৰ ধ্বনিৰে এক কথাত মুখৰিত হৈ পৰে বৰঝাৰ বিমানকোঠ চৌহদ । সন্ধিয়া মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱক সোঁৱৰণ কৰি প্ৰসাদ বিতৰণৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় । আনহাতে বিমানকোঠৰ বহু বিষয়া - কৰ্মচাৰীৰ উপৰিও বহু বিমান যাত্ৰীয়েও মহিলা দলটোৰ নাম উপভোগ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here