সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 September 2022

সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱৰ আয়োজন

 





W7s news ষ্টাফৰিপোৰ্টাৰঃ  ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমে আয়োজন কৰিছে তেওঁলোকৰ বাৰ্ষিক উৎসৱ "সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱ"। আগন্তক ১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ চেণ্টাৰত দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে এই মহোৎসৱ উদ্‌যাপন কৰা হ'ব। ১৭ ছেপ্টেম্বৰ কাৰ্যসূচীত সুৰসংগৰ সংগীত আৰু নৃত্যৰ ন-পুৰণি শিক্ষাৰ্থীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধি, মেঘৰঞ্জনী মেধি আৰু শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়েও অনুষ্ঠান পৰিৱেশন কৰিব। মহোৎসৱৰ সৈতে সংগতি ৰাখি পৰিৱেশন কৰা হ'ব সুৰসংগমৰ বিশেষ প্ৰস্তুতি "দেৱী" শীৰ্ষক এখনি নৃত্য-নাটিকা। ডেৰ ঘণ্টীয়া এই নৃত্য-নাটিকাখন কথক নৃত্যশৈলীত পৰিৱেশন কৰা হ'ব। পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন অসমীয়া লোক-সংগীতৰ সৈতে কথক নৃত্যৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰি তোলা হৈছে "দেৱী"। সুৰসংগমত বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে কথক নৃত্যগুৰু মৰমী মেধিয়ে। দেৱীৰ দুটা ৰূপত অভিনয় কৰিছে কথক নৃত্যাগংনা তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু সুনীতা কৌশিকে। নৃত্যনাটিকাখনৰ চিত্ৰনাট্য আৰু সংগীত ভাস্কৰজ্যোতি ওজাৰ। গুৰু মৰমী মেধিৰ পৰিচালনা আৰু কৰিঅ'গ্ৰাফীৰে সজাই তোলা হৈছে "দেৱী"। ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া ছয় বজাৰ পৰা প্ৰদৰ্শন হ'বলগীয়া "দেৱী" উপভোগ কৰিব বিচৰাসকলে বুক মাই শ্ব' ডট কমত পছন্দৰ আসন সুনিশ্চিত কৰিব পাৰিব অথবা চানমাৰিত থকা সুৰসংগমৰ কাৰ্যালয়ৰ পৰা টিকট সংগ্ৰহ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। আনহাতে, অহা ১৮ ছেপ্টেম্বৰৰ কাৰ্যসূচীতে কথক গুৰু মৰমী মেধি আৰু তবলাবাদক দেৱাশিস তালুকদাৰ ৰচিত "কথক" শীৰ্ষক এখন গ্ৰন্থ‌ও উন্মোচন কৰা হ'ব। কথক নৃত্যশৈলীৰ তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষাৰে সমৃদ্ধ এই গ্ৰন্থখন কথক শিক্ষাৰ্থীসকলৰ উপযোগীকৈ প্ৰস্তুত কৰি তোলা হৈছে বুলি মৰমী মেধিয়ে জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here