পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ঐতিহাসিক দিন উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 September 2022

পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ঐতিহাসিক দিন উদযাপন

 


W7s news গুৱাহাটী :চুনচালি গ্ৰান্তবাসীৰ দ্বাৰা গঠিত পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে ২০০৫ চনৰ পৰা ১৫ ছেপ্তেম্বৰ দিনটো ঐতিহাসিক দিন হিচাপে পালন কৰি অহা হৈছে । এইবেলিও চুনচালিস্থিত নুনমাটি পাব্লিক স্কুলত বৃহস্পতিবাৰে বিয়লি এখন বৰ্ধিত সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি ডম্বৰুধৰ তালুকদাৰে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক নৰেন ৰয়ে আৰু আঁত ধৰে সহকাৰী সম্পাদক দেবেন্দ্ৰ পাটগিৰি । সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই সাৰুৱা ভাষণ আগঢ়ায় । সভাত ১৯৭০ চনৰ পৰা বসবাস কৰি লেলিন নগৰ নামাকৰণ কৰা ব্যক্তিক স্মৰণ কৰাৰ উপৰিওঁ সভিত উপস্থিত থকা ব্যক্তি সকলৰ লগতে ২০০৫ চনৰ গণ আন্দোলনত নেতৃত্ব বহন কৰা ব্যক্তিৰ লগতে সেই সময়ত নিৰ্যাতিত ব্যক্তিক চিনাকি কৰি দিয়াৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সভাত হোলডিং নম্বৰ সম্পৰ্কত আলোচনা কৰে । সভাত তিলেন্দ্ৰ মহন্ত , ভূৱনেশ্বৰ শৰ্মা , ভূবনেশ্বৰ শৰ্মা, শিৱ বালক ৰায়, নগেন ডেকা , কিৰন মহন্ত , কেশব দাসকে ধৰি বহু কেইজনে বক্তব্য ৰাখে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here