শিক্ষক দিৱসৰ উপলক্ষ্যে 'প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ লগতে ৰাজ্যজুৰি "গুৰু-পূজন" উদযাপ‌ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

শিক্ষক দিৱসৰ উপলক্ষ্যে 'প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ লগতে ৰাজ্যজুৰি "গুৰু-পূজন" উদযাপ‌ন

 


শিষ্যৰ পৰম্পৰাগত আৰতিত বিমুগ্ধ ১৪০০ গুৰু

 






W7s news গুৱাহাটী:শিক্ষা হৈছে জীৱন আলোকিত কৰা এক মাধ্যম। শিক্ষাই জ্ঞান, ই জীৱনৰ শক্তি। শিক্ষা দান কৰা লোকক শিক্ষক অথবা ভাৰতীয় পুৰাতন দৰ্শনৰ মতে গুৰু বুলি অভিহিত কৰা হয়। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তথা ঐতিহ্যমণ্ডিত ভাৰতীয় পৰম্পৰাক জীপাল কৰি ৰাখি মহান গুৰু, ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতিত ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ দিনটোক শিক্ষক দিৱস পালন কৰি অহা হৈছে। এই পৱিত্ৰ দিৱসৰ লগত সংগতি ৰাখি অগ্ৰণী সামাজিক-সাংস্কৃতিক ন্যাস 'প্ৰজ্ঞা ফাউণ্ডেছন'ৰ উদ্যোগত গুৱাহাটী মহানগৰ নিগমৰ অন্তৰ্গত ৬০ টা ৱাৰ্ডৰ লগতে অসমৰ বিভিন্ন জিলাত উলহ-মালহেৰে আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপ‌ন কৰা হয় "গুৰু-পূজন" অনুষ্ঠানৰ। পুৰাতন সনাতন ধৰ্মৰ পৰম্পৰা গুৰু-ভক্তি আৰু গুৰু-সেৱাৰ মানসেৰে আয়োজিত এই অনুষ্ঠানটি "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ'' শীৰ্ষক গুৰুবাণী উচ্চাৰণ কৰি শিষ্য তথা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে গুৰুসকলক ধূপ-দীপ, মাল্যাৰ্পণেৰে আৰতি কৰি 'গুৰু পূজন' কৰা পৰিলক্ষিত হয়। 'প্ৰজ্ঞা ফাউণ্ডেছন'ৰ সভাপতি জিতুল সোণোৱালে এক প্ৰেছ বিবৃতিৰে জনোৱা মতে, গুৱাহাটীৰ সৰ্বমুঠ ৬০ টা ৱাৰ্ডত আজি এহাজাৰ (১০০০) গৰাকী আৰু অসমৰ বিভিন্ন জিলাত ন্যাসে চাৰিশতাধিক (৪০০) সমাজৰ বৰেণ্য গুৰু তথা শিক্ষকক নিমন্ত্ৰণ কৰি আনি গুৰুসকলৰ চৰণ চুই ভক্তি, সন্মান প্ৰদৰ্শন কৰোৱা হয়। উল্লেখ্য যে, ভাৰতত, গুৰু শিষ্য সন্মানৰ পৰম্পৰা বহুপুৰণি। এজন শিক্ষাৰ্থীৰ জীৱনত, তেওঁৰ শিক্ষকেই তেওঁৰ ভৱিষ্যত নিৰ্মাতা, মানুহে প্ৰাচীন কালৰ পৰাই এইকথা জানিছিল। আমাৰ দেশত, প্ৰথম শিক্ষাৰ্থীসকলে গুৰুকুল বা গুৰুটোল বা আশ্ৰমত বাস কৰিছিল আৰু শিক্ষা লাভ কৰিছিল, তেওঁলোকে শিক্ষা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। মহান ৰজা মহাৰজাৰ সন্তানসকলেও কঠিন পৰিস্থিতিত আশ্ৰমত বাস কৰিছিল আৰু শিক্ষা লাভ কৰিছিল। 'প্ৰজ্ঞা ফাউণ্ডেছন'ৰ উদ্যোগত এনে যাওতীযুগীয়া গুৰু-শিষ্য পৰম্পৰাৰ ঐতিহ্যমণ্ডিত সুকোমল ধা‌ৰাটো নিৰলস অব্যাহত ৰাখিবলৈ প্ৰয়াসেৰে ভাৰতীয় সনাতন ধৰ্মৰ পৰম্পৰা অনুযায়ী গুৱাহাটী মহানগৰৰ বাহিৰত প্ৰথম বাৰলৈ অসমজুৰি এই "গুৰু-পূজন" অনুষ্ঠানটি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়। সেয়েহে, সভাপতি সোণোৱালে 'প্ৰজ্ঞা ফাউণ্ডেছন'ৰ সমূহ কাৰ্যকৰ্তা আৰু ৰাইজলৈ অভিনন্দন আৰু ধন্যবাদ জনাই গুৰুসকললৈ প্ৰণিপাত জ্ঞাপন কৰে। উল্লেখযোগ্য যে, দেশমাতৃৰ প্ৰতি অধিক শ্ৰদ্ধাশীল আৰু দেশপ্ৰেমভাৱ দৃঢ়তাৰে নৱ চামক জাগৃত কৰিবলৈ, তথা দেশৰ অখণ্ডতা, ভৌগলিক সীমা সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ অক্ষুণ্ণ ৰাখিবলৈ হ'লে দেশমাতৃৰ প্ৰতি থাকিব লাগিব অগাধ প্ৰেম-বিশ্বাস। সেই মহান উদ্দ্যেশ্য আগত ৰাখিয়েই 'প্ৰজ্ঞা ফাউণ্ডেছনে' অহা ১৫-২৫ ছেপ্তেম্বৰ, ২০২২ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' গীতত সদৌ অসম ভিত্তিত দলীয় নৃত্য প্ৰতিযোগিতা আয়োজন কৰিবলৈও ইতিমধ্যেই প্ৰস্তুতি চলা বুলি জানিবলৈ দি ৰাইজৰ সহযোগিতা কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here