শিক্ষক দিৱসত এছ বি আই লাইফৰ আদৰণীয় পদক্ষেপ দহখনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী , শিক্ষাগুৰুক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

শিক্ষক দিৱসত এছ বি আই লাইফৰ আদৰণীয় পদক্ষেপ দহখনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী , শিক্ষাগুৰুক সম্বৰ্ধনা

 



W7s news গুৱাহাটী : ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট  বেংকৰ  অধীনত পৰিচালিত এছ বি আই লাইফে  পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে  সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে আজি এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে । শিক্ষক দিৱস উপলক্ষে  গুৱাহাটী মহানগৰীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ ১০ খনতকৈ অধিক শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী , শিক্ষাগুৰুক নিজ নিজ প্ৰতিষ্ঠানলৈ  গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । এছ বি আই লাইফৰ উত্তৰ-পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক ৰাহুল ৰহী  আৰু ক্ষেত্ৰীয় প্ৰবন্ধক বিষ্ণু বৰাৰ নেতৃত্বত এটা দলে প্ৰথমতে গুৱাহাটী বিশ্ববিদ্যালয়ত গৈ উপাচাৰ্য ,অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈক ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । তাৰ পাছত কটন বিশ্ববিদ্যালয় , মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়কে ধৰি কেবাখনো মহাবিদ্যালয় , উচ্চতৰ মাধ্যমিক বিদ্যালয় , মধ্য ইংৰাজী বিদ্যালয় , প্ৰাথমিক বিদ্যালয়ত গৈ অধ্যক্ষ, প্ৰধান শিক্ষক আৰু আন আন শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱাৰ  লগতে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here