পবিত্ৰ শিক্ষক দিৱসৰ দিনাই সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল চচল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

পবিত্ৰ শিক্ষক দিৱসৰ দিনাই সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল চচল

 


W7s news গুৱাহাটী : আজি শিক্ষক দিৱস। এফালে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ এই জন্মদিনটোতে সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উৎযাপন কৰা হৈছে শিক্ষক দিৱস। কিন্তু  আনফালে আকৌ মহানগৰীৰ চচলত চৰকাৰী বেতন বঞ্চিত শিক্ষক-কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । সদৌ অসম প্ৰাদেশীকৃত শিক্ষক (টিউটৰ) আৰু কৰ্মচাৰী যৌথ মঞ্চৰ সভাপতি অতুল ডেকাই চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি কয় যে, ২০২১ ৰ ৫ ফেব্ৰুৱাৰী আৰু ৩০ নবেম্বৰত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী সকলক ২৫-৩০ টা বসন্ত মানৱ সম্পদ সৃষ্টিৰ কৰ্মত ব্ৰতী হোৱাৰ পাছতো, জীৱনৰ শেষৰফালে হাজিৰাসদৃশ পাৰিতোষিক প্ৰদান কৰি প্ৰদান কৰি শিক্ষক সকলক টিউটৰ হিচাপে নিযুক্তি দিয়ে। কিন্তু এয়া আমাৰ বাবে চৰম প্ৰতাৰণা। গতিকে আমি প্ৰতিবাদস্থলীৰ পৰাই দাৱী জনাও যে, আমাক চৰকাৰী শিক্ষকৰ নতুন নীতি নিয়মৰ পৰা শিথিল কৰি টিউটৰৰ পৰা শিক্ষকলৈ উন্নিত কৰক। লগতে সমান কামৰ বাবে বেতন প্ৰদান কৰি, পূৰ্বে ঘোষিত ১০ লাখ টকা  গ্ৰেচুইটি প্ৰদান কৰক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here