ৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদলৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

ৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদলৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদল

 




W7s news ষ্টাফৰিপোৰ্টাৰ:  চি আই টি ইউৰ আহ্বানত গুৱাহাটীকে ধৰি ৰাজ্যজুৰি চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ সমদল আৰু আৰু সমাৱেশ সংগঠিত কৰে। অসমৰ বিভিন্ন কল-কাৰখানাত কৰ্মৰত শ্ৰমিক, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীকে ধৰি আঁচনিভুক্ত কৰ্মচাৰীসকল, চাহ বাগিছা শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, মটৰ পৰিবহন শ্ৰমিক আৰু অন্যান্য অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক-কৰ্মচাৰীসকলে এই সমাৱেশ আৰু সমদলত যোগদান কৰে। জানিব পৰা মতে গুৱাহাটীৰ উপৰিও ৰাজ্যখনৰ শিলচৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত শ শ শ্ৰমিকে চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি সভা-সমদল সংগঠিত কৰে। গুৱাহাটীত চচল ধৰ্ণাস্থলীত ছয় সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পৰিস্থিতি উত্তাল কৰি তোলে। শ্ৰমিকৰ নূন্যতম মাহিলি মজুৰি ২১ হাজাৰ ধাৰ্য কৰা, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীক মাননিৰ সলনি মজুৰি দিয়া, নূন্যতম মজুৰি আইন আৰু ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুসৰি চাহ শ্ৰমিকৰ দৈনিক হাজিৰা নিৰ্দ্ধাৰণ কৰা, নিৰ্মাণ আৰু মটৰ শ্ৰমিকসহ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, ঠিকা শ্ৰমিকৰ সমান কামৰ সমান মজুৰি  আদায় দিয়া। কাগজ কল দুটা আৰু নামৰূপৰ সাৰ কাৰখানাকে ধৰি অসমৰ ৰাজহুৱা খণ্ডৰ শিল্প পুনৰুজ্জীৱিত কৰা। অনুদান নহয় অধিকাৰ লাগে ইত্যাদি শ্লোগান দি চছলৰ পৰা ছয়মাইললৈ এক উত্তাল পৰিৱেশ গঢ়ি তোলে। উল্লেখযোগ্য যে চছলৰ এই বিক্ষোভ কাৰ্যসূচী গুৱাহাটী ক্লাৱৰ ওচৰৰ ৰ'টাৰীত হোৱা কথা আছিল যদিও কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে শেষ মুহূৰ্তত বাধা প্ৰদান কৰে আৰু চছলত যাবলৈ বাধ্য কৰায়। পুৱাৰ পৰা প্ৰতিকূল বতৰ সত্বেও বৰষুণত তিতি বুৰি বিক্ষোভকাৰী শ্ৰমিকসকলে চছলত সমৱেত হয়। ন্যায়সংগত প্ৰাপ্য বিচাৰি শ্ৰমিকক শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ অধিকাৰ পৰ্যন্ত প্ৰদান কৰিবলৈ আজি অসম চৰকাৰে অস্বীকাৰ কৰি আছে। বিক্ষোভৰ স্থান পূৰ্বে ঘোষণা কৰা অনুসৰি গুৱাহাটী ক্লাৱ ৰ'টাৰী অভিমুখে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা শাৰীবদ্ধভাৱে আহি থকা শ্ৰমিকৰ এক বিশাল সমদলক আৰক্ষীয়ে মাজপথত বাধা দি এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। আনকি সমদলক নেতৃত্ব দিয়া চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাক মহানগৰ আৰক্ষী এগৰাকী বিষয়াই অপদস্থ কৰে। অথচ এই সমদল আহিছিল আৰক্ষীয়ে গুৱাাহাটী ক্লাৱৰ ৰ'টাৰীত ৰখাই থোৱা চছললৈ যাবলগীয়া বাছত উঠিবলৈ। আৰক্ষীৰ কথামতে শান্তিপূৰ্ণভাৱে বাচত উঠিবলৈ আহি থকা আন্দোলনকাৰী সকলক বাধা দিয়াটো আছিল প্ৰকৃততে শ্ৰমিক বিৰোধী মনোভাৱৰ বহিঃপ্ৰকাশ। চি আই টি ইউৰ ৰাজ্যিক কমিটিয়ে আৰক্ষীৰ দ্বাৰা সাধাৰণ সম্পাদক তপন শৰ্মাক আৰক্ষী প্ৰশাসনৰ এনে অহেতুক হস্তক্ষেপক তীব্ৰ গৰিহণা দিয়ে।

গুৱাহাটীৰ চছলত হোৱা বিক্ষোভ-সমাৱেশত যোগদান কৰি চি পি আই [এম]ৰ প্ৰবীণ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে শ্ৰমিকৰ আইনগত প্ৰাপ্য অতি শীঘ্ৰে আদায় দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। বৰ্তমানৰ সৰভোগ সমষ্টিৰ বিধায়ক মাননীয় মনোৰঞ্জন তালুকদাৰে উদাত্ত ভাষণেৰে বিক্ষুব্ধ শ্ৰমিকৰ হৃদয় জয় কৰে। তেওঁ প্ৰতিশ্ৰুতি দিয়ে সময় আৰু সুযোগ পালে আজিৰ সমাৱেশে উত্থাপন কৰা দাবীসমূহ বিধান সভাত উত্থাপন কৰি চৰকাৰে যাতে সমাধানৰ ব্যৱস্থা কৰে তাৰ বাবে হেঁচা প্ৰয়োগ কৰিব। শ্ৰমিক নেতা বীৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰী ইন্দিৰা নেৱাৰ, অসম ৰাজ্যিক আশা ইউনিয়নৰ নেত্ৰী মমতা তালুকদাৰ, ৰন্ধন কৰ্মচাৰী ইউনিয়নৰ নেত্ৰী কনকলতা দাস, জেচিটিইউৰ অন্যতম আহ্বায়ক গৰ্গ তালুকদাৰ, কাৰখানা শ্ৰমিক ইউনিয়নৰ নেতা মজফৰ আলী, চাহ শ্ৰমিক নেতা দিনেশ নায়ক আৰু নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰেও ভাষণ প্ৰদান কৰে। চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাই সংগঠনৰ হৈ দুখন স্মাৰক পত্ৰ প্ৰদান কৰে চৰকাৰী প্ৰতিনিধিৰ হাতত। মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে উপআৰক্ষী আযুক্ত হিমাংশু প্ৰসাদ দাসে আৰু শ্ৰম আয়ুক্তলৈ প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে সহকাৰী শ্ৰম আয়ুক্ত হেমন্ত কলিতাই। স্মাৰক পত্ৰত উল্লেখ কৰা মতে “ৰাজ্যখনৰ ১ কোটিতকৈও অধিক শ্ৰমজীৱী নাগৰিকে দেশৰ সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কৰ্মক্ষম যুৱক-যুৱতীয়ে নিজৰ দক্ষতা অনুসৰি চাকৰিৰ পৰা বঞ্চিত হৈ আছে। ২৩ লাখ নিবনুৱা যুৱক-যুৱতী উপযুক্ত নিয়োগৰ পৰা বঞ্চিত।  বিগত সাত বছৰ ধৰি বৃদ্ধি কৰিব লগা নূন্যতম মজুৰি অসমত বৃদ্ধি কৰা নাই। ফলত ৯৮টা অনুসূচিভুক্ত প্ৰায় ১০ লাখ শ্ৰমিকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। অতি সম্প্ৰতি ১১ লাখ চাহ বনুৱাৰ বাবে চৰকাৰে মাত্ৰ দৈনিক ২৭ টকা বৃদ্ধি কৰি চৰম প্ৰতাৰণাৰ নিদৰ্শন দাঙি ধৰিলে। ব্যক্তিগত মালিকানাধীন কাৰখানাবোৰত প্ৰচলিত শ্ৰম আইন প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাই বহু শ্ৰমিকক অন্যায় কৰিছে। মইনা নায়ক আৰু ফনিধৰ কলিতাৰ ঘটনাই এই কথা উদঙাই দিছে।

চৰমতম চৰকাৰী শোষণৰ বলি হৈ আছে চৰকাৰী আঁচনি ৰূপায়ণত নিয়োজিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধন কৰ্মচাৰী আৰু আশা কৰ্মীসকল। তেওঁলোকে মজুৰি নাপায়।  সামান্য মাননিৰ বিনিময়ত কোনো সামাজিক সুৰক্ষা নোপোৱাকৈ অসমত ২ লাখ ৭১ হাজাৰ আঁচনিভুক্ত কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে।”এই সমাৱেশৰ পৰাই আন্দোলনকাৰী শ্ৰমিক-নেতাসকলে স্পষ্টভাৱে জনাই দিয়ে যে দাবী পূৰণ নহ'লে ফ্ৰেব্ৰুৱাৰী , ২০২৩ৰ প্ৰথম ভাগত দিশপুৰ চলো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here