“কৌতূহলী ছাত্র-ছাত্রী থকা শিক্ষানুষ্ঠানেই ভাল শিক্ষানুষ্ঠান” : ড° অমৰজ্যোতি চৌধুৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

“কৌতূহলী ছাত্র-ছাত্রী থকা শিক্ষানুষ্ঠানেই ভাল শিক্ষানুষ্ঠান” : ড° অমৰজ্যোতি চৌধুৰী

 

W7s news গুৱাহাটী:১৯৫৪ চনত স্থাপন হোৱা অসমৰ আগশাৰীৰ মহাবিদ্যালয় গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি  বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই মহাবিদ্যালয়ৰ পতাকা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত পণ্ডিত তীৰ্থনাথ শৰ্মাৰ আৱক্ষ-মূৰ্তিত মল্যাৰ্পন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° জগদীন্দ্ৰ ৰায় চৌধুৰীয়ে। দিনৰ ১১.০০ বজাত আৰম্ভ হোৱা মুকলি সভাত বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য

ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে। এই অনুষ্ঠানত আদৰণি ভাষণ

প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই। উল্লেখযোগ্য যে এই অনুষ্ঠানত

অসমৰ সামাজিক, সাংস্কৃতিক আৰু চিকিৎসা ক্ষেত্ৰলৈ বিশেষ অৰিহণা আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বৰেণ্য শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যক ‘পণ্ডিত তীর্থনাথ শৰ্মা উৎকৰ্ষ বঁটা’ আৰু চিকিৎসক ডাঃ অলকা গোস্বামীক ‘নিৰ্মলা দেৱী উৎকৰ্ষ বঁটা’ প্ৰদান কৰা হয়। ড° অমৰজ্যোতি চৌধুৰীয়ে তেখেতৰ ভাষণত কয় যে পণ্ডিত তীর্থনাথ শৰ্মাৰ সপোনক সাৰ্থকতা প্ৰদান কৰি জন্মলগ্নৰে পৰা প্রাগজ্যোতিষ মহাবিদ্যালয়ে মানুহৰ সামূহিক কল্যাণৰ হকে চিন্তা কৰা শিক্ষানুষ্ঠান হিচাপে সমাজত অৱদান আগবঢ়াই আহিছে। লগতে ড° চৌধুৰীয়ে প্ৰাগজ্যোতিষ মহাবিদ্যালয় নতুন চিন্তাৰ বাটকটীয়া হ’ব বুলিও আশা প্রকাশ কৰে। মহাবিদ্যালয়খনৰ মানসম্পন্ন এন. চি.চি.ৰ অভিবাদন তথা ছাত্ৰ-ছাত্ৰীসকলৰ কৌতুহলী মন আৰু সুশৃংখল আচৰণত তেওঁ অভিভূত হয়। কুলদা কুমাৰ ভট্টাচাৰ্যই মহাবিদ্যালয়ৰ মনোমোহা প্রাকৃতিক পৰিৱেশত আপ্লুত হোৱাৰ লগতে পণ্ডিত তীৰ্থনাথ শৰ্মাৰ সান্নিধ্য শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ মহাবিদ্যালয়খনৰ উত্তৰণত সন্তোষ প্রকাশ কৰি অনাগত দিনত মহাবিদ্যালয়খন ডিমড্ ইউনিভাৰছিটি পৰ্যায়লৈ উন্নীত হ’ব বুলি আশা প্রকাশ কৰে। আনহাতে নিৰ্মলা দেৱী বঁটা প্ৰাপক বিশিষ্ট চিকিৎসক ডাঃ অলকা গোস্বামীয়ে মহাবিদ্যালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰি বঁটাটিৰ সমূদায় ধনৰাশি মহাবিদ্যালয়ৰ পূঁজিলৈ দান কৰে। সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° জগদীন্দ্র বায় চৌধুৰী আৰু পণ্ডিত তীৰ্থনাথ শৰ্মাৰ জীয়ৰী অধ্যাপিকা ড° মনীষা বৰুৱায়ো বক্তব্য প্রদান কৰে।

উক্ত সভাত বৰ্তমানৰ শিক্ষাগুৰু সকল প্ৰাক্তন শিক্ষাগুৰু সকলৰ লগতে প্ৰাক্তন সতীৰ্থ সকলৰ লগত উপস্থিত থাকি আনন্দিত হয় ৷


সদৌ শেষত আমাৰ মৰমৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সমুহ প্ৰাক্তন আৰু বৰ্তমানৰ প্ৰাগজ্যোতিষীয়ক লগতে অধ্যক্ষ সহ অধ্যাপক, অধ্যাপিকা ক প্ৰাক্তন প্ৰাগজ্যোতিষ সন্মিলনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here