অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান
W7s news গুৱাহাটী: 'দেৱী ৰূপত সৰস্বতী, লক্ষ্মী, শক্তি সৰ্বত্ৰ পূজিত হয়। কিন্তু সমগ্ৰ ভাৰতবৰ্ষলৈ লক্ষ্য কৰিলে উত্তৰ-পূৰ্বাঞ্চল আৰু কেৰেলাতহে ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ দেখা যায়। উত্তৰ-পূৰ্বাঞ্চলত নাৰীক কেৱল সৌন্দৰ্যৰ প্ৰতীক ৰূপে চোৱা নহয়। এক নিজস্ব অস্তিত্বৰ অধিকাৰিনী ৰূপত নাৰীক প্ৰকৃত সামাজিক মৰ্যাদা দিয়া হয়।" লোকমন্থন ২০২২ৰ অন্তিম দিনাৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰে। ভাষণৰ আৰম্ভণিতে তেখেতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰকাৰ্যবাহ শ্ৰী দত্তাত্ৰেয় হজাবলেক লোক পৰম্পৰাত অনুভৱৰ জ্ঞান সন্দৰ্ভত এক সঠিক দিক নিৰ্দেশনা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শক্তি পৰম্পৰাৰ ৰূপত নাৰীৰ স্থিতিৰ লগতে তেখেতে ভাৰতীয় চেতনা সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। ভাৰতবৰ্ষৰ প্ৰতি কোণে কোণে স্থানীয়ত্বৰ মাজত থকা বিশ্বজনীনতাৰ বিষয় লৈ তেওঁ গৌৰৱ অনুভৱ কৰে।
তেওঁ লগতে কয় যে শক্তিমন্ত এখন ভাৰত কাৰো শংকাৰ কাৰণ নহয়। ভাৰতে কাৰো সৈতে উপযাচি শত্ৰুতা নকৰে কিন্তু ভাৰতে আক্ৰমণকাৰী শক্তিক প্ৰশয়ো নিদিয়ে। ভাৰতৰ সাম্যবাদী সংস্কৃতি ৫০০০ বছৰ পুৰণি। কিন্তু আমাৰ মূল্যবোধ আৰু আদৰ্শক আক্ৰমণ কৰিলে তাক ৰক্ষাৰ বাবে বীৰৰ ভূমিকাৰে অৱতীৰ্ণ হ'বলৈও ভাৰতে শংকা নকৰে।' অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হজাবলেয়। ড° মল্লিকা কন্দলীৰ পৰিকল্পনাত ভাৰত বন্দনাৰ প্ৰদৰ্শনে আজিৰ বিশেষ অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা সচিব ড° ননীগোপাল মহন্তই। তেওঁ চমু ভাষণত লোক মন্থন অনুষ্ঠানৰ আয়োজনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলতকৈ উপযুক্ত ঠাই নাই বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে দুখন গ্ৰন্থ আৰু এখন পত্ৰিকা উন্মোচন কৰা হয়। সমুদ্ৰগুপ্ত কাশ্যপৰ "আচাম গ্ৰেট হিৰ'জ হু ফাইট দা মুছলিম ইমিগ্ৰেণ্টচ", ডেভিড দি থংটাৰ "দ্যা আনটল্ড হিষ্ট্ৰী অৱ এনচিয়েণ্ট চাউথ ইষ্ট এছিয়া" আৰু "দা আইক'নিক ফিগাৰছ অৱ নৰ্থ ইষ্ট" নামেৰে এইবাৰৰ সংখ্যা বিশেষভাৱে সজোৱা এখন পত্ৰিকা। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে মঞ্চ শুৱনি কৰে শ্ৰীকান্ত কাটধাৰে, শ্ৰী হৰি, অভিজিত গোখলে আৰু সঞ্জয়ে। অনুষ্ঠানৰ শেষত ড° ননীগোপাল মহন্তই অভ্যাগতসকলৰ প্ৰতি কৃতজ্ঞতাসূচক মন্তব্য আগবঢ়ায়।
No comments:
Post a Comment