ৰৌনক মেট্ৰেছে গুৱাহাটীত প্ৰথম নিৰ্মাণ কাৰখানা স্থাপন কৰিব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 September 2022

ৰৌনক মেট্ৰেছে গুৱাহাটীত প্ৰথম নিৰ্মাণ কাৰখানা স্থাপন কৰিব

 

উত্তৰ-পূবৰ বজা


ৰত পছন্দ আৰু অগ্ৰাধিকাৰ দিশত গুৰুত্ব দি স্থানীয়কৰণৰ লগতে পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱা, দ্ৰুত গ্ৰাহক সেৱা প্ৰদানৰ  লক্ষ্য



কোম্পানীয়ে ফাঁচী বজাৰ আৰু ভৰলুমুখত "গেলেৰিয়া" আৰু "জ’ন" নামৰ একচেটিয়া খুচুৰা শ্ব'ৰুমো মুকলি 


• কোম্পানীয়ে অহা তিনি বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব ভাৰতত এনে ধৰণৰ ৩০ খন বিপনী আৰু সমগ্ৰ ভাৰতত এনে ১০০ খন বিপণী খোলাৰ লক্ষ্য 


ই গুৱাহাটী গোটৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৭৫ জন লোকক নিয়োগ কৰাৰ পৰিকল্পনা 




W7s news গুৱাহাটী: মানদণ্ড, দীৰ্ঘম্যাদী স্থায়িত্বৰ সৈতে এক বিশ্বাসযোগ্য ব্ৰেণ্ড, ভাৰতৰ অন্যতম আগশাৰীৰ কোম্পানী ৰৌনক মেট্ৰেছে উত্তৰ-পূবৰ বজাৰত পছন্দ আৰু অগ্ৰাধিকাৰক গুৰুত্ব দি স্থানীয়কৰণৰ লগতে পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱা, দ্ৰুত গ্ৰাহক সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ গৌৰীপুৰত কোম্পানীৰ প্ৰথমটো কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। 

কোম্পানীটোৱে সকলো ধৰণৰ মেট্ৰেছ নিৰ্মাণ আৰু বিপণন কৰে যাৰ ভিতৰত আছে-ৰবৰযুক্ত কয়ৰ, পলিইউৰেথেন ফ’ম আৰু স্প্ৰিং মেট্ৰেছ। ই হৈছে কেইটামান ব্ৰেণ্ডৰ ভিতৰত এটা যি গৃহ, হোটেল, চিকিৎসালয় আৰু হোষ্টেলৰ চাহিদা পূৰণ কৰে। ইয়াৰ এক প্ৰতিশ্ৰুতিবদ্ধ ডীলাৰশ্বিপ নেটৱৰ্ক আছে য'ত ১৮ খন ৰাজ্যত ১৫০০ ৰো অধিক ডীলাৰ অংশীদাৰ আছে, মুখ্যতঃ ভাৰতৰ পশ্চিম, পূব আৰু উত্তৰ-পূব অংশত।

সমগ্ৰ উত্তৰ পূব অঞ্চলত ইয়াৰ খুচুৰা বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে কোম্পানীটোৱে ফাঁচী বজাৰ আৰু ভৰলুমুখত ইয়াৰ একচেটিয়া খুচুৰা শ্ব'ৰুম মুকলি কৰিছে। খুচুৰা শ্ব'ৰুমৰ ফৰ্মেটটোক "গেলেৰিয়া" আৰু "জ’ন" বুলি কোৱা হয় যাতে গ্ৰাহকৰ খুচুৰা অভিজ্ঞতা বৃদ্ধি হয়। এই বিপণীবোৰত  ব্ৰেণ্ড এলেকাৰ গড় আকাৰ ২০০-৮০০ বৰ্গফুটৰ ভিতৰত। কোম্পানীটোৱে অহা তিনি বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব ভাৰতত এনে ধৰণৰ ৩০ খন বিপণী আৰু সমগ্ৰ দেশতে ১০০ খন এনে বিপণী খোলাৰ লক্ষ্য ৰাখিছে।

ভাৰতত প্ৰায় ৬০ শতাংশ মেট্ৰেছ উদ্যোগ অসংগঠিত আৰু খণ্ডটোৰ সামগ্ৰিক আকাৰ প্ৰায় ১০,০০০-১২,০০০ কোটি টকা। আঞ্চলিকভাৱে পূব ভাৰতত ব্ৰেণ্ডেড মেট্ৰেছৰ সৰ্বনিম্ন উৎপাদন হৈছে, যি মুঠ পাইৰ মাত্ৰ ১০-১২ শতাংশ অৰিহণা যোগায়। ৰৌনক মেট্ৰেছে পূব ভাৰতত ব্ৰেণ্ডেড মেট্ৰেছৰ পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ লক্ষ্য ৰাখিছে, য'ত ৰাষ্ট্ৰীয় গড় অনুসৰি আঞ্চলিকভাৱে সৰ্বনিম্ন মূল্যৰ সামগ্ৰী বিক্ৰী হৈ আহিছে।ৰৌনক মেট্ৰেছৰ কাৰ্যবাহী সঞ্চালক ৰৌনক আগৰৱালে কয়, "গুৱাহাটীত আমাৰ বৃহৎ কাৰখানা স্থাপন কৰি আমি অত্যন্ত সুখী। আমি হৈছো পূব ভাৰতৰ সৰ্ববৃহৎ আৰু আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ মেট্ৰেছ নিৰ্মাণ সংস্থা আৰু একমাত্ৰ ব্ৰেণ্ড যাৰ পাঁচটা উৎপাদন সুবিধাৰ ভিতৰত কৌশলগতভাৱে চাৰিটা কলকাতা, কটক আৰু এতিয়া গুৱাহাটীত স্থাপন কৰা হৈছে। আমি ২০০১ চনৰ পৰা উত্তৰ-পূবৰ বজাৰত  আছোঁ আৰু এই ২০+ বছৰত প্ৰতিষ্ঠানটোৰ বাবে গুৱাহাটী প্ৰধান বজাৰ হিচাবে পৰিগণিত হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চল এখন অতি উজ্জীবিত বজাৰ। যিহেতু টোপনি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগত জড়িত এক গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে, সেয়ে ভাৰতীয় গ্ৰাহকৰ ক্ষেত্ৰত মেট্ৰেছৰ প্ৰাসংগিকতা দ্ৰুতগতিত বৃদ্ধি পাইছে। গ্ৰাহকসকলৰ জীৱনশৈলীৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি আৰু এক সুলভ কিন্তু মানদণ্ডৰ সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে, আমি আজি গুৱাহাটীত দুটা বিশেষ খুচুৰা শ্ব'ৰুম আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছো।"

 ৰৌনক আগৰৱালে লগতে কয়, "আমাৰ চাৰিটা মেট্ৰেছ নিৰ্মাণ গোটৰ পৰা একেলগে দৈনিক ৫ মেট্ৰিক টনলৈকে ৰবৰযুক্ত কয়ৰ আৰু দৈনিক ৩ মেট্ৰিকটন পলিইউৰেথেন উৎপাদন কৰাৰ ক্ষমতা আছে যাৰ পৰা প্ৰতিদিনে প্ৰায় ১৫০০ মেট্ৰেছ হয়। গুৱাহাটী গোটটোৰ প্ৰতিদিনে ৩০০ খনলৈ নিৰ্মাণ কৰাৰ ক্ষমতা আছে, যাক পৰৱৰ্তী ৩-৫ বছৰত অধিক বৃদ্ধি কৰা হ'ব পাৰে। আমি গ্ৰাহকৰ আৰামদায়ক টোপনীৰ বাবে বিভিন্ন প্ৰযুক্তি যেনে স্পেচাৰটেক, ভাইব্ৰোটেক, লুক্স-লেটেক্স, চেল্ফ কুল টেক বিকশিত কৰিছো। ফাৰ্মৰ সামগ্ৰীবোৰ বিআইএছ চিহ্নৰ দ্বাৰা অনুমোদিত হোৱাৰ বাবে মেট্ৰেছবোৰৰ উচ্চ মানদণ্ড বজাই ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ আমি আমাৰ ভাৰতীয় এজেণ্টৰ জৰিয়তে বাংলাদেশ, ভূটান আৰু নেপালৰ দৰে চুবুৰীয়া দেশলৈও ৰপ্তানি কৰোঁ।"

শ্ৰীযুত ৰৌনক আগৰৱালে লগতে কয়, "এই নিৰ্মাণ সুবিধা স্থাপনৰ আঁৰত থকা মন্ত্ৰ হৈছে – 'থিংক গ্লোবেল, এক্ট লোকেল'ৰ সৈতে, কোম্পানীটোৰ সমগ্ৰ উত্তৰ-পূব ভাৰতত ডিষ্ট্ৰিবিউটৰ আছে যি এই মেট্ৰেছ বাণিজ্যৰ আটাইতকৈ শক্তিশালী ৰিটেইল চেনেল বিতৰণ কৰে। পশ্চিম বংগ, ওড়িশা আৰু মহাৰাষ্ট্ৰ ৰাজ্যত ইয়াৰ চাৰিটা কাৰখানা গোটৰ ভিতৰত আমাৰ প্ৰায় ৩০০ জন লোকেৰে গঠিত, সমৰ্পিত মানৱ-শক্তি আছে আৰু গুৱাহাটী গোট আৰম্ভ হোৱাৰ লগে লগে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আন ৭৫ জন লোকক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছো।"কোম্পানীৰ ৩ ৰ পৰা ১২ ইঞ্চিলৈকে ডাঠৰ ডাবল ছাইজৰ মেট্ৰেছৰ বাবে ৬০০০ টকাৰ পৰা ৯০০০০ টকাৰ মূল্য পৰিসৰৰ ৪০-প্ৰকাৰৰ  সামগ্ৰী আছে। কোম্পানীৰ বিভিন্ন নিৰ্মাণ সুবিধাৰ জৰিয়তে সামগ্ৰীবোৰ ঘৰুৱাভাৱে তৈয়াৰ কৰা হয়। সঠিক মানদণ্ড নিয়ন্ত্ৰণ আৰু গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ মূল্য প্ৰদান কৰাৰ বাবে সু-সংহতভাৱে নিৰ্মাণ কৰাৰ সামৰ্থ্য অত্যাৱশ্যকীয়। আমাজন, ফ্লিপকাৰ্ট, পেপাৰফ্ৰাই, বাজাজ ইএমআই বজাৰৰ দৰে সকলো অনলাইন  ই-কমাৰ্চ প্লেটফৰ্মত সামগ্ৰীসমূহ উপলব্ধ৷ আমাৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী ৱেবছাইট - sleepfresh.in।

ৰৌনক মেট্ৰেছৰ বিষয়ে: ৰৌনক মেট্ৰেছে বিভিন্ন প্ৰকাৰৰ মেট্ৰেছ, গাৰু আৰু কুশ্বনৰ পৰা আৰম্ভ কৰি ঘৰুৱা আৰামদায়ক সামগ্ৰী প্ৰদান কৰে। ই ভাৰতীয় উপমহাদেশৰ কেইটামান ব্ৰেণ্ডৰ ভিতৰত এটা, যি তিনিটা প্ৰজন্মৰ দ্বাৰা একেলগে পৰিয়াল-পৰিচালিত আৰু ইয়াৰ অৱস্থিতি ২৫+ বছৰৰ পুৰণি। কোম্পানীটো ২০০১ চনৰ পৰা উত্তৰ-পূবৰ বজাৰত আছে আৰু এই ২০+ বছৰত প্ৰতিষ্ঠানটোৰ বাবে এক মুখ্য বজাৰ হৈ পৰিছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here