বৰঝাৰ বিমানবন্দৰত নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস উদযাপন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 7 September 2022

demo-image

বৰঝাৰ বিমানবন্দৰত নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস উদযাপন

Responsive Ads Here

 

IMG-20220907-WA0009



 W7s news গুৱাহাটী : বিশ্বত সম্প্ৰতি বায়ু প্ৰদূষণ এক মাৰাত্মক ঘাতকত পৰিণত হৈছে।অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ( পি চি বি এ ) সূত্ৰই ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্যৰে বিশ্বত বছৰি প্ৰায় ৭ নিযুত লোকৰ বায়ু প্ৰদূষণৰ বাবে অকাল মৃত্যু হয় বুলি সদৰি কৰিছে। আনকি পৰিস্থিতি এনে পৰ্যায় পাইছে যে বায়ু প্ৰদূষণৰ বাবে  আজিৰ উঠি অহা নতুন প্ৰজন্মই নীল আকাশৰ মনোৰম দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে নিৰ্মল বায়ু সেৱনৰ পৰাও বঞ্চিত হব লগা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত  ৰাষ্ট্ৰসংঘই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৭ ছেপ্টেম্বৰৰ দিনটো "নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস" উদযাপন কৰি আহিছে। আনহাতে দেশৰ আন আন বিমানবন্দৰৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰত বিমানবন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত আৰু পি চি বি এৰ সহযোগত আজি "নীল আকাশৰ বাবে নিৰ্মল বায়ু" আন্তৰ্জাতিক দিৱস উদযাপন কৰা হয় । আনহাতে  দিৱসৰ লগত সংগতি ৰাখি "বায়ু আমাৰ উমৈহতীয়া সম্পদ" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।  পি চি বি এৰ সদস্য সচিব ডঃ শান্তনু কুমাৰ দত্তৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা আলোচনা চক্ৰখনত অধ্যক্ষতা কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই । আনহাতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰামৰ্শদাতা ডঃ জ্যোতিলিনা শইকীয়াই আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে আই আই টি, গুৱাহাটীৰ অধ্যাপক ডঃ এছ গোখলে , গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহাল , পাৰিষদ অসীম শইকীয়া , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট পৰিবেশবিদ ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য উপস্থিত থাকে । আনহাতে আটাইকেইজন সমল ব্যক্তিয়ে  তথ্য সহকাৰে প্ৰদূষিত বায়ু বিভিন্ন ৰোগ আৰু মৃত্যুৰ কাৰণ বুলি সদৰি কৰি  কয় বায়ু প্ৰদূষণ ৰোধ কৰাটো সকলোৰে সমূহীয়া দায়িত্ব । বায়ু প্ৰদূষিত হব পৰা কাৰ্যৰ পৰা বিৰত থাকি পৰিবেশ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰিবলৈ সমল ব্যক্তি সকলে আহ্বান জনায় । আনহাতে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ , বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী , বৰঝাৰ বিমানবন্দৰত সেৱা আগবঢ়াই অহা বিমান সেৱা প্ৰদানকাৰী সংস্থা সমূহৰ প্ৰতিনিধি , পি চি বি এ , এন চি এ পিৰ প্ৰায় ১০০ জন প্ৰতিনিধিয়ে ভাগ লোৱা আলোচনা চক্ৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই পি চি বি এৰ নডেল বিষয়া মনোজ শইকীয়াই ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *