আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ

 




W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টিত আজিৰে পৰা আৰম্ভ হৈছে বৈজ্ঞানিক গৱেষণা কাৰ্যত ব্যৱহৃত যন্ত্ৰৰ সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচী । অহা ১৩ ছেপ্টেম্বৰলৈ চলিব লগীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণা কাৰ্যত কৰ্মৰত গৱেষক , ছাত্ৰ - ছাত্ৰী , শিক্ষক - শিক্ষয়ত্ৰীৰ লগতে বৈজ্ঞানিক গৱেষণাত প্ৰয়োজনীয় বিশেষ কিছুমান যন্ত্ৰ তথা আন সা - সুবিধা সমূহৰ বিশেষ প্ৰশিক্ষণ তথা আভাষ প্ৰদান কৰা । আনহাতে এই উপলক্ষে আই এ এছ এছ টিৰ সঞ্চালক , অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক কমিটিৰ সমন্বয়ক ডঃ অৰূপ ৰতন পালে ।।আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত বক্তা হিচাপে এন আই টি , শিলচৰৰ অধ্যাপক ডঃ চিৰঞ্জীৱ ভৌমিক , আই আই টি, গুৱাহাটীৰ অধ্যাপকদ্বয় ডঃ মহুৱাদে আৰু ডঃ আলিকা খাৰে , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হেৰম্ব বাইলুং , নাইপাৰ , গুৱাহাটীৰ অধ্যাপক ডঃ ৰোচন এম ৱাৰ্কৰ উপস্থিত থাকে । উল্লেখযোগ্য যে সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচীত স্কেলিং ইলেকট্ৰন , মাইক্ৰ'স্কোপ , এইছ চি এল চি , এল চি এম এছ/ এম এছ ইত্যাদিকে ধৰি বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ দিয়া হব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here