বছৰৰ গ্ৰন্থৰ তথ্যৰে সাহিত্যালোচনী 'গ্ৰন্থালাপ'ৰ বিশেষ সংখ্যাৰ প্ৰস্তুতি
W7s news গুৱাহাটী: ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত যি সময়ত কাকত-আলোচনীৰ জগতখনলৈ তীব্ৰ প্ৰত্যাহ্বান নামি আহিছিল সেই সময়তে আত্ম প্ৰকাশ কৰিছিল গ্ৰন্থ বিষয়ক আলোচনাৰ অসমীয়া ভাষাৰ একমাত্ৰ মাহেকীয়া আলোচনী গ্ৰন্থালাপে। প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাই ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰকাশ আৰম্ভ হোৱা আলোচনী খনৰ বৰ্ষপূৰ্তিৰ সতে সংগতি ৰাখি গ্ৰন্থালাপে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। মননশীল আলোচনী খনে এটি বিশেষ সংখ্যাৰ জৰিয়তে চলিত বছৰত প্ৰকাশিত গ্ৰন্থ সমূহৰ এখন বিস্তৃত আৰু একত্ৰ তালিকা প্ৰকাশৰ উদ্যোগ হাতত লৈছে। গ্ৰন্থালাপৰ এই বিশেষ সংখ্যাটিত ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় তথ্য সন্নিৱিষ্ট কৰা হ'ব। এই তালিকাত সন্নিৱিষ্ট কৰাৰ বাবে উল্লিখিত সময়ছোৱাত প্ৰকাশিত গ্ৰন্থৰ একোটাকৈ কপি কাৰ্যালয়, গ্ৰন্থালাপ, গৃহ নং ৩৯, জনপথ, হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ গ্ৰন্থালাপৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি দাস আৰু কাৰ্যবাহী সম্পাদক আজিজুৰ ৰহমান শইকীয়াই লেখক আৰু প্ৰকাশ সকললৈ আহ্বান জনাইছে। ইচ্ছুক সকলে এই বিষয়ে বিতং জানিবলৈ ৯৮৬৪১২৭০৮৮ বা ৮৬৩৮০৩৫০৭৬ নং ম'বাইলত যোগাযোগ কৰিব পাৰিব। ক'ভিডোত্তৰ পৰিস্থিতিৰ জটিলতা তথা ছপা সামগ্ৰীৰ অত্যধিক দামবৃদ্ধিৰ মাজতো প্ৰকাশৰ মুখ দেখা বছৰটোৰ গ্ৰন্থবোৰৰ লেখক আৰু প্ৰকাশক গোষ্ঠীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আৰু তথ্য সংৰক্ষণৰ উদ্দেশ্যৰে এই উদ্যোগ হাতত লোৱা বুলি গ্ৰন্থালাপ পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।
ক'ভিডোত্তৰ পৰিস্থিতিৰ বাবে সকলো ষ্টলতে যিহেঁতু আলোচনীখন উপলব্ধ নহয় গতিকে ইচ্ছুক সকলে ওপৰোক্ত ঠিকনাত যোগাযোগ কৰিও আলোচনীখন ডাক যোগে সংগ্ৰহ কৰিব পাৰিব।
No comments:
Post a Comment