W7s news গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতবিভাগ আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যলয়ৰ যৌথ উদ্যোগত সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভবনৰ সভাগৃহত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰণালয়ৰ অধীনত থকা ভাৰতীয় জ্ঞান পৰম্পৰা বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক অধ্যাপক গান্টি সূৰ্যনাৰায়ণ মূৰ্তিয়ে ভাৰতীয় জ্ঞান পৰম্পৰা বিভাগে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ বাবে মুকলি কৰা বিভিন্ন প্ৰকল্পৰ বিষয়ে মনোগ্ৰাহী আৰু অতি প্ৰয়োজনীয় বক্তব্য আগবঢ়ায়। অনুষ্ঠানটো মুকলি কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰল্হাদ যোশীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতবিভাগৰ মুৰব্বী অধ্যাপক সুদেষ্ণা ভট্টাচাৰ্যই সভাপতিত্ব কৰা এই সভাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, ৰঙিয়া মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়, শৰাইঘাট মহাবিদ্যালয়, কে চি দাস কমাৰ্ছ মহাবিদ্যালয় আদিৰ পৰা বহুসংখ্যক শিক্ষকে যোগদান কৰে।
No comments:
Post a Comment