অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 September 2022

অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী

 


প্ৰশাসনৰ দমনমূলক নীতিক গৰিহণা ৰিপুণ বৰাৰ


ভিক্টৰ দাসৰ মুক্তিৰ লগতে সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবী


 W7s news গুৱাহাটী : ভিক্টৰ দাসৰ মুক্তিৰ দাবী অাৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীত কৰা অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ স্তব্ধ কৰিবলৈ জপিয়াই পৰিল অসম আৰক্ষী।

অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোক শতাধিক আৰক্ষীৰ বৃহৎ দল এটাই বাধা প্ৰদানৰ লগতে ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰি লৈ যায় যুৱ নেতা-কৰ্মীসকলক।প্ৰতিবাদকাৰী সকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত একাংশ অসাধু চক্ৰই ধনৰ বিনিময়ত চাকৰিৰ জাল পতাৰ অভিযোগ উত্থাপনৰ পাছতে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসৰ মুক্তিৰ দাবী আৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীৰে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।দলৰ যুৱ সতীৰ্থসকলক ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ সমালোচনাত সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা শুনিব নিবিচাৰে বুলি মন্তব্য কৰি সভাপতি বৰাই চাকৰি নিযুক্তিত অনিয়ম কৰিব বিচৰা অসৎ চক্ৰৰ তথ্য দি চৰকাৰখনক সহযোগ কৰিব বিচৰা যুৱক এজনক গ্ৰেপ্তাৰ কৰি নিজৰ স্বৰূপ উদঙাই দিয়া বুলি মন্তব্য কৰে।আনহাতে সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত চলোৱা আৰক্ষীৰ হাৰাশাস্তিৰ ক্ষেত্ৰত ন্যায় প্ৰদানৰ দাবী জনায়।


প্ৰতিবাদৰ পূৰ্বে অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। সভাত অসম তৃণমূল যুৱ কংগ্ৰেছৰ জিলা সভাপতিসকলো উপস্থিত থাকে। সাংগঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত বিভিন্ন দিশৰ আলোচনা কৰা হয়।কাৰ্যনিৰ্বাহক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ উপৰিও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকি নিজৰ নিজৰ মতামত দাঙি ধৰে। আজি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। দত্তই লগতে অসৎ চক্ৰক উদঙাই দিয়া ভিক্টৰ দাসক শীঘ্ৰে মুক্তিৰ দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here