বিদ্যা ভাৰতীৰ পদক্ষেপ গনিত-বিজ্ঞান মেলাত শিক্ষাৰ্থীৰ প্ৰতিভা প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 September 2022

বিদ্যা ভাৰতীৰ পদক্ষেপ গনিত-বিজ্ঞান মেলাত শিক্ষাৰ্থীৰ প্ৰতিভা প্ৰদৰ্শন

 


W7s news গুৱাহাটী ঃ গুৱাহাটী বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনত ক্ষেত্ৰীয় গনিত বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে৷ পূৰ্বোত্তৰ ৰাজ্যত সনচালিত বিদ্যা ভাৰতীৰ বিদ্যালয়ৰ পৰা ৪০০ জন ছাত্ৰ-ছাত্ৰীয়ে ক্ষেত্ৰীয় গনিত বিজ্ঞান মেলাত ভাগ লৈছে৷ ছাত্ৰ-ছাত্ৰীয়ে পোহৰৰ ৰশ্মিৰ প্ৰয়োগ, ধ্বনি তংৰগৰ গতি, চেঞ্চৰ আৰু উদ্ভাৱনীমূলক প্ৰয়োগৰ উপৰত বিজ্ঞানৰ মডেল প্ৰস্তুত কৰিছে৷ ক্ষেত্ৰীয় গনিত বিজ্ঞান মেলাত ষষ্ট শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে৷ বিজ্ঞান মডেলৰ লোকাৰ্পণ কাৰ্যক্ৰম শংকৰদেৱ এডুকেচনেল আৰু ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ সভাপতি ৰমানন্দ দাসে কৰে৷ ডাঃ অপুৰ্ব গোস্বামী, তপন চন্দ্ৰ কলিতা,অনিল চন্দ্ৰ শৰ্মা, ৰাধা কৃষ্ণ অধিকাৰী, নাৰায়ন দাস, ডাঃ অভিনন্দা মহন্ত, ডাঃ মনিষা শৰ্মা, সমীৰন কলিতা, মৃন্ময় গোস্বামী, ৰক্তিম চৌধুৰী, মুন্মী চৌধুৰীয়ে প্ৰতিযোগিতাত ভাগ লোৱা মডেলসমুহৰ নিৰিক্ষণ কৰে৷ ক্ষেত্ৰীয় বিজ্ঞান প্ৰমুখ তপন শৰ্মা, প্ৰান্তীয় বিজ্ঞান প্ৰমুখ ভাস্কৰ দাস উপস্তিত থাকে৷ বিজ্ঞান মডেল প্ৰস্তুত কৰাৰ লগতে বৈদিক গণিতৰো ধুনীয়াকৈ প্ৰদৰ্শন কৰে৷ ক্ষেত্ৰীয় প্ৰচাৰ প্ৰমুখ বিকাশ শৰ্মায়ে বিজ্ঞান মেলাৰ বিষয়ে জনোৱা মতে ক্ষেত্ৰীয় গনিত বিজ্ঞান মেলাত প্ৰথম স্থান পোৱা ছাত্ৰ বা ছাত্ৰীক মধ্যপ্ৰদেশৰ ভোপালত আগন্তুক হ’ব লগীয়া অখিল ভাৰতীয় প্ৰতিযোগিতাত ভাগ লব পাৰিব বুলি জানিব দিয়ে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here