বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত গুৱাহাটীত ১০, ১১ ছেপ্টেম্বৰত বেপাৰ ২.০ শীর্ষক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 September 2022

বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত গুৱাহাটীত ১০, ১১ ছেপ্টেম্বৰত বেপাৰ ২.০ শীর্ষক অনুষ্ঠান

 




W7s news গুৱাহাটী:  বি এন আই ব্ৰহ্মপুত্ৰৰ উদ্যোগত ১০ আৰু ১১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত আশি অপ্সৰা বেপাৰ-২.০ এক শীর্ষক প্রদর্শনীৰ আয়োজন কৰিছে। বেপাৰ-২০ শীৰ্ষক প্ৰদৰ্শনীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি উদ্যোগপতি কৈলাশ লোহিয়াই আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। উক্ত অনুষ্ঠানটোত ৫০ ৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানে তেওঁলোকক উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব। বেপাৰ-২.০ হৈছে চহৰৰ আটাইতকৈ জনপ্ৰিয় আৰু ডাঙৰ ব্যৱসায়িক অনুষ্ঠান। এইটো বি এন আইৰ দ্বিতীয় সংস্কৰণ। সকলোৱে এটা চালৰ তলতেই সকলো সামগ্রী লাভ কৰিবলৈ সক্ষম হয়। উৎসৱৰ বতৰত এই অনুষ্ঠানে ব্যৱসায়ীসকলক বিনিময় প্রথাৰ জৰিয়তে সকলো দিশতেই লাভান্বিত কৰি আহিছে। এই সন্দৰ্ভত বি এন আইৰ গুৱাহাটী শাখাৰ কাৰ্যবাহী সঞ্চালক সিদ্ধার্থ গাৰোডিয়াই কয় যে বি এন আইক উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ বাবে জনাজাত। বি এন আই-এ ২ ফেব্ৰুৱাৰী ২০২০ ত বেপাৰ শীৰ্ষক অনুষ্ঠানৰ প্ৰথম সংস্কৰণ আৰম্ভ কৰিছিল। অহা ১০ আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বেপাৰ-২.० হ'ব দ্বিতীয় সংস্কৰণ। এই অনুষ্ঠানে বিশেষ সফলতা লাভ কৰিব পাৰিব বুলি বি এন আইৰ ব্ৰহ্মপুত্ৰৰ সভাপতি বিশাল কুমাৰ মৌৰে আশা প্ৰকাশ কৰে। বেপাৰ-২.০ ৰ সমন্বয়ক বিশাল খেমানীয়ে কয় যে বেপাৰ-২.০ অনুষ্ঠানে ব্যবসায়ীসকলৰ লগতে দৰ্শনাৰ্থীসকলৰ মাজত যথেষ্ট সম্ভাবনা গঢ়ি তুলিব। উক্ত প্রদর্শনীত বিভিন্ন সামগ্রী বিশেষকৈ বীমা, মিছুৱেল ফাণ্ড, ৰিয়েল ষ্টেট, ছফটৱেৰ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ সামগ্ৰী প্ৰদৰ্শন আৰু সেৱা প্ৰদান কৰা হ'ব। অনুষ্ঠানত দৰ্শনাৰ্থীসকলৰ বাবে ১২১ টা অধিৱেশনৰ ব্যৱস্থা কৰা হৈছে। প্রদর্শনীতে ৫ হাজাৰো অধিক দর্শনার্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। ইপিনে, প্ৰদৰ্শনীৰ লগতে মাৰোৱাৰী যুৱ মঞ্চ, গুৱাহাটী শাখাই ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে চিত্ৰাংকণ প্রতিযোগিতা, লাকী ড্ৰ, আৰু খেল-ধেমালিৰ আয়োজন কৰিছে সমন্বয়ক অভিনাশ জালানে। বি এন আই সবাতোকৈ সফল সংগঠন যিটো সংগঠনৰ ৭৫ দেশৰ ২,৮৯,৪০৩ সদস্য আছে। এতিয়ালৈকে ১০৭২৩ টা শাখা চলি আছে। বি এন আই গুৱাহাটীৰ বৰ্তমান ৩৯৭ সদস্য আৰু ৭ টা শাখা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here