আকাশবাণী চৌহদত গোলাপ শ‍ইকীয়া সোঁৱৰণী পুৰস্কাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

আকাশবাণী চৌহদত গোলাপ শ‍ইকীয়া সোঁৱৰণী পুৰস্কাৰ

 


বিতৰণী আৰু স্মৃতিচাৰণ সভা


W7s news গুৱাহাটী : আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ প্রাক্তন বাতৰি পৰিৱেশক গোলাপ শ‍ইকীয়াৰ সোঁৱৰণত আয়োজন কৰা তৃতীয় বার্ষিক প্ৰাইজমানি বাতৰি পৰিৱেশন প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণী আৰু স্মৃতিচাৰণ সভা আজি কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত কেন্দ্ৰৰ মুৰব্বী ৰবিন চন্দ্র বড়ো, জ্যেষ্ঠ সাংবাদিক কুলেশ কুমাৰ ডেকা আৰু মানস কুমাৰ মহন্ত, আকাশবাণীৰ প্ৰাক্তন আৰু বৰ্তমানৰ জ্যেষ্ঠ বিষয়া দিলীপ দাস, ভাস্কৰ গগৈ, আমিনুল হক জোৱাদ্দাৰৰ লগতে গোলাপ শ‍ইকীয়াৰ পত্নী বন্তি হাজৰিকা উপস্থিত থাকে। আকাশবাণীৰ বাতৰি পৰিৱেশক উৎপল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত আকাশবাণীৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰয়াত গোলাপ শ‍ইকীয়াক শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন অংশকালীন বাতৰি পৰিৱেশক তথা শিল্পী গোলাপ শ‍ইকীয়াৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে নিজস্ব প্রচেষ্টাত বিগত তিনি বছৰে গোলাপ শ‍ইকীয়াৰ স্মৃতিত মুকলি বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। তিনিটা শাখাত অনুষ্ঠিত প্রতিযোগিতাত প্রথম তিনিটা স্থান লাভ কৰা প্ৰতিযোগীসকলক নগদ ক্ৰমে তিনিহাজাৰ, দুহেজাৰ আৰু এহেজাৰ টকা আৰু ট্ৰফী পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়। এইবাৰৰ প্ৰতিযোগিতাত ক শাখাত নলবাৰীৰ জিজ্ঞাসা ভট্টাচাৰ্য্যই প্রথম, লখিমপুৰৰ জৱাবৰ্ণা শ‍ইকীয়াই দ্বিতীয় আৰু নগাঁৱৰ তপস্যা তীষিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে। একেদৰে খ-শাখাত গোলাঘাটৰ হেমন্ত বৰাই প্ৰথম, নলবাৰীৰ ৰিপুঞ্জয় কলিতাই দ্বিতীয় আৰু বৰপেটাৰ পুষ্পমুগ্ধা দাসে তৃতীয় স্থান লাভ কৰে। গ-শাখাত লখিমপুৰৰ হিমাদ্ৰী দিহিঙীয়াই প্ৰথম, গুৱাহাটীৰ জয়শ্ৰী শৰ্মাই দ্বিতীয় আৰু শোণিতপুৰৰ প্ৰদীপ কুমাৰ বৰঠাকুৰে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে এই শাখাত দ্বিতীয় পুৰস্কাৰ বিজয়ী জয়শ্ৰী শৰ্মাৰ বয়স ৬৪ বছৰ। আজিৰ অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ অশোক কুমাৰ বায়ন, সংগীতা শৰ্মা, অৰুণিমা গোস্বামী, নিৰুপমা বৰঠাকুৰ, পুলক গগৈ, ডলী দেৱী, জুলি শৰ্মা বৰুৱা, মনদীপ মহন্ত, মনমিত মহন্তই কবিতা আবৃতি, গীত আদি পৰিৱেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here