চেভ ভৰলুৰ উদ্যোগত বিশ্ব নদী দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

চেভ ভৰলুৰ উদ্যোগত বিশ্ব নদী দিৱস উদযাপন

 





W7s news ষ্টাফৰিপোৰ্টাৰ:আজি বিশ্ব নদী দিৱস। ভৰলু-বাহিনী নৈক পুৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈ গঠন কৰা স্বেচ্ছাসেবী অনুষ্ঠান চেভ ভৰলুৰ উদ্যোগত বিশ্ব নদী দিৱস উপলক্ষে উলিওৱা হয় পদযাত্রা। ভৰলুৰ বাবে পদযাত্রা গুৱাহাটীৰ পাঁচ ঠাইত  উলিওৱা হয়। ভৰলুৰ উৎপত্তি স্থলত মূল কাৰ্যসূচীৰ ফ্লেগ অফ কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ তথা গুৱাহাটী পৌৰ নিগমৰ ৫০ নং ৱাৰ্ডৰ পাৰিষদ উৎপল মহন্ত আৰু ৩৭ নং ৱাৰ্ডৰ পাৰিষদ স্বপ্না দেবীয়ে।ফটাশিল এলেকাত ভৰলুৰ বাবে পদযাত্রাৰ ফ্লেগ অফ কৰে ৩১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেবীয়ে, কুমাৰপাৰাত ফ্লেগ অফ কৰে কুমাৰপাৰাৰ শংকৰদেৱ ৰাজহুৱা নামঘৰৰ নামঘৰীয়া সনাতন দাসে। মথুৰানগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে চেভ ভৰলুৰ কাৰ্যনিৰ্বাহক সদস্য ডা:মানবেন্দ্র গোস্বামীয়ে। আৰ্যনগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্তচৌধুৰীয়ে।  পদযাত্রাৰ আৰম্ভণিতে নদী দিৱসৰ তাৎপর্য আৰু চেভ ভৰলুৰ জন্মৰ আঁৰৰ কথা ব্যাখ্যা কৰে চেভ ভৰলুৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে। অনুষ্ঠানত আগভাগ লয় চেভ ভৰলুৰ উপ সভাপতি ডা: সীমা ৰেখা দেবী, সচিব অমিয় কুমাৰ ডেকা, যুটীয়া সচিব ডা:ৰুবী কটকী সমন্বিতে চেভ ভৰলুৰ বিষয়ববীয়াসকলে।

নদী দিৱসৰ অংশৰূপে দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে  বিশিষ্ট শিক্ষাবিদ ড:শীলা বৰাই। কুইজ মুকলি কৰি তেওঁ কয়-বিশ্বৰ প্ৰদুষিত নদীৰ ভিতৰত ভৰলু অন্যতম। গুৱাহাটীত ৩০০টা নলা আছে তাৰ ভিতৰত ৩৯টা নলাৰ পানী কেৱল ভৰলুত পৰে। আমি যদি প্ৰত্যেকজন ব্যক্তি ভৰলুৰ পুনৰুদ্ধাৰৰ আত্মনিয়োগ নকৰোঁ গুৱাহাটী বাসপোযোগী হৈ নাথাকিব। ৫০ টা দলে অংশগ্রহণ কৰা কুইজ প্ৰতিযোগিতাত সৰোজ কুমাৰ ডেকা আৰু অমিয় কুমাৰ বৰুৱাৰ দলে প্রথম, অলকানন্দ মেধি আৰু চন্দ্রজিৎ দাসৰ দলে দ্বিতীয়, বিশ্বজ্যোতি বৰা আৰু দুল হাজৰিকাৰ দলে তৃতীয় স্থান লাভ কৰে। স্থান প্ৰাপ্ত সকলক ক্ৰমে ৭হাজাৰ, ৬হাজাৰ আৰু ৫ হাজাৰ টকাৰ নগদ ধন,গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয়। আন তিনিটা দলক উদগনিমুলক বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here