W7s news,, গুৱাহাটী, অৱশেষত অপেক্ষাৰ অন্ত পৰিল। দেশৰ আগশাৰীৰ স্মাৰ্টফোন নির্মাতা অ’প্পোৱে সকলো গ্ৰাহকৰ বাবে নতুন অপ্পো এফ২১ এছ প্ৰ' চিৰিজৰ ৫জি মোবাইল মুকলি কৰি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়। মহানগৰীৰ জি এছ ৰোডৰ চিটি চেন্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব’কমত আজি অপ্পো এফ২১ এছ প্ৰ' চিৰিজৰ ৫জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী হিমাক্ষী কলিতাই। আজিৰ অনুষ্ঠানত অপ্পোৰ মণ্ডল বিক্রি প্রবন্ধক আনিশুজ জামান, এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীকে আদি কৰি অপ্পোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্রী হিমাক্ষী কলিতাই কয় যে অপ্পো সদায়ে স্মার্ট ফোন আৰু আইঅ'টি সামগ্ৰীৰ আটাইতকৈ প্রিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। অপ্পো স্মার্ট ফোন বিক্ৰীৰ দিশত এক শীর্ষ স্থান দখল কৰিছে। অপ্পো এফ ২১ এছ প্ৰ' চিৰিজ ৫জি গ্লো ডিজাইনৰ সৈতে ডনলাইট গোল্ড, অর্বিট লাইটৰ সৈতে মাইক্ৰ'লেন্স, ফ্লেগশিপ আইএমএক্স ৭০৯ চেন্সৰ আৰু ১৩ জিবি ৰেমত উপলব্ধ হৈছে। লগতে ৪৫০০ এম এ এইচ বেটাৰিৰ সৈতে ৩৩ডব্লিউ ছুপাৰ ভিঅ'অ'চি সংলগ্ন কৰি যুৱক আৰু মহিলাসকলৰ বাবে সঠিক সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হৈছে স্মার্ট ফোনটো। অসম আৰু উত্তৰ-পূব ৰাজ্যৰ লোকসকলে স্মার্ট ফোনটো আকোৱালি ল'ব বুলি আশা প্রকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত বক্তব্য ৰাখি মণ্ডল বিক্ৰী প্ৰবন্ধক অনিশুজ জামানে কয় যে এফ২১এছ প্ৰ চিৰিজ ৫জি-ৰ অৰ্থ হৈছে এফ শৃংখলাৰ সৈতে সকলো ধৰণৰ উন্নত ডিজাইন আৰু প্ৰযুক্তি প্ৰদান কৰা। এফ২১এছ প্ৰ' চিৰিজ ৫জি বিশেষভাবে চেগমেন্ট ১ম মাইক্ৰ'লেন্স কেমেৰা আৰু ফ্লেগশিপ আইএমএ' ৭০৯ চেন্সৰ এফ২১এছ প্ৰ' চিৰিজ ৫জি স্মার্ট মোবাইল ২২৯৯৯ টকাৰ পৰা আৰম্ভণি হৈছে। শ্ব’কমটোৰ এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে লগতে কয় যে এফ২১এছ প্ৰ চিৰিজ ৫জি ক্ৰয় কৰা গ্ৰাহকে ১০শতাংশ লৈকে কেছবেক লাভ কৰিব লগতে আগশাৰীৰ আইটিআইডিআই, কোটাক আৰু অন্যান্য বেংকৰ পৰা অতি সহজে ছমাহ লৈকে ইএমআইৰ সুবিধ লাভ কৰিব। লগতে অপ্পোৱে মুকলি কৰা (টিডব্লিউএছ) আইএটি সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ লগতে গ্রাহকে লাভ কৰিব আকর্ষণীয় অফাৰ।
Post Top Ad
Responsive Ads Here
Monday, 19 September 2022

Home
গুৱাহাটী
চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰূমত অ’প্পো এফ২১এছ প্ৰ' চিৰিজ ৫জি মুকলি অভিনেত্রী হিমাক্ষী কলিতাৰ
চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰূমত অ’প্পো এফ২১এছ প্ৰ' চিৰিজ ৫জি মুকলি অভিনেত্রী হিমাক্ষী কলিতাৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment