দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আলোচনাচক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 September 2022

দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আলোচনাচক্ৰ

 




 W7s news গুৱাহাটী : দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি

আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত

সৰ্ব্বভাৰতীয় পৰীক্ষাসমূহত অসমৰ স্থান নিম্নগামী হোৱাৰ ক্ষেত্ৰত দেওবাৰে বিশেষ আলোচনাচক্রৰ আয়োজন কৰা হয়। সৰ্বভাৰতীয় পৰীক্ষা সমূহত অসমৰ ছাত্ৰ-ছাত্ৰী সকলে ভাল ফল দেখুৱাব নোৱাৰাৰ কাৰণ সমূহ কি কি আৰু ইয়াৰ সমাধানৰ উপায়' শীৰ্ষক আলোচনা চক্ৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত পুৱ ১০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আলোচনাচক্ৰৰ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক তথা সামৰ্থ বিকাশ কেন্দ্ৰৰ নিৰ্দেশক ড০ সংগীতা বৰঠাকুৰে। ভাষণ প্ৰশংগত তেওঁ কয়- সৰ্বভাৰতীয় পৰীক্ষাত ভাল ফল দেখুৱাব লৈ হলে আমাৰ শিশুৰ মনত শৈশৱৰ পৰা নিজৰ ৰাজ্যখনৰ প্ৰতি থকা দায়িত্বৰ কথা শিকাই দিব লাগিব। নিজৰ ৰাজ্যখনৰ প্ৰতি সেৱাৰ মনোভাৱ জগাই তুলিব লাগিব। সৰুৰে পৰা বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। তেওঁলোকক সঠিক পথ দেখুৱাব লাগিব। দেশ মাতৃৰ প্রতি সেৱাৰ মনোভাৱ জগাই তুলিব লাগিব। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। লগতে প্ৰচুৰ আত্মবিশ্বাস তেওঁলোকৰ মাজত থাকিব লাগিব। নিজৰ মাতৃভূমিৰ প্ৰতি স্নেহভাৱ তেওঁলোকৰ মনৰ মাজত আনিব লাগিব। লগতে এনেধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ থাকিব লাগিব।' আলোচনা চক্ৰত বিদ্যালয় পৰিদৰ্শক (গ্ৰাম্য) অপূৰ্ব ঠাকুৰীয়া, চি এছ এ পি ৰ মুৰব্বী ৰাজদীপ লেখাৰু আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তু সম্পৰ্কে আলোকপাত কৰে। এই আলোচনাচক্ৰত 'ইন্সপাইৰেচন' নামৰ আলোচনীখন উন্মোচন কৰা হয়। দৰিদ্ৰ নাৰায়ণ সেৱা সমিতিৰ সভাপতি শ্যামল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্যকৰী সভাপতি পদুম চন্দ্ৰ শৰ্মা, সম্পাদনা তৰুণ দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here