জ্যেষ্ঠ সাংবাদিক দীপজ্যোতি শৰ্মাৰ পিতৃ লক্ষ্মীকান্ত শৰ্মাৰ পৰলোকঃ গড়লত শেষকৃত্য সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 September 2022

জ্যেষ্ঠ সাংবাদিক দীপজ্যোতি শৰ্মাৰ পিতৃ লক্ষ্মীকান্ত শৰ্মাৰ পৰলোকঃ গড়লত শেষকৃত্য সম্পন্ন

 



W7s news গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক দীপজ্যোতি শৰ্মাৰ পিতৃ তথা গড়ল খেলিয়াপাৰা নিবাসী লক্ষ্মীকান্ত শৰ্মাৰ শনিবাৰে মৃত্যু হয়৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ নিজ বাসগৃহতে ৯০ বছৰ বয়সত ইহ সংসাৰৰ পৰা বিদায় লোৱা শৰ্মা মৃত্যুৰ সময়লৈ মা মনসা মন্দিৰ, গড়ল দূৰ্গা মন্দিৰ, গড়ল তালুক আদিৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত আছিল৷ সামাজিক ভাৱে বিভিন্ন কামত জড়িত থকা শৰ্মা হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷ কলি সন্ধিয়া শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুনমুগ্ধ, আত্মীয় স্বজন তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ অসংখ্য লোকৰ উপস্থিতিত মৃতদেহটো লৈ শোভাযাত্ৰা কৰি খেলিয়াপাৰাৰ ৰাজহুৱা স্মশানত ধৰ্মীয় ৰীতিনীতিৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত লক্ষ্মীকান্ত শৰ্মাই পত্নীৰ লগতে তিনি পুত্ৰ, চাৰি বোৱাৰী, জী - জোঁৱাই, নাতি - নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here